দক্ষিণ শালমাৰা : ভাৰত-বাংলাদেশ সীমান্তত গৰুসহ গ্ৰেপ্তাৰ দুজন গৰু সৰবৰাহকাৰী। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত আছামেৰ আলগাত ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে দুটা গৰুসহ দুজন গৰু সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিয়ে। মঙলবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত বি এছ এফে সীমান্তত টহল দি থকা অৱস্থাত দুটা গৰুসহ গৰু সৰবৰাহকাৰী দুজনক আটক কৰে।

বি এছ এফে সীমান্তত টহল দি থকা অৱস্থাত গৰু সৰবৰাহকাৰীৰ দল এটাই ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি গৰু সৰবৰাহ কৰি থকা অবস্থাত বি এছ এফে দুজন গৰু সৰবৰাহকাৰীক আটক কৰি দুটা গৰু জব্দ কৰে। ৬ নং বি এন বি এছ এফে গৰু সৰবৰাহকাৰী দুজনক আটক কৰি জব্দ কৰা গৰু বিয়লিৰ ভাগত খাৰুৱাবান্ধা আৰক্ষীক গতাই দিয়ে।

খাৰুৱাবান্ধা আৰক্ষীয়ে ইতিমধ্যে গৰু সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে পুৱাৰ ভাগত হাটশিঙিমাৰী মহকুমা আদালতত গৰু সৰবৰাহকাৰী দুজনক হাজিৰ কৰিব বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে। ধৃত গৰু সৰবৰাহকাৰী দুজন ক্ৰমে দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত খাৰুৱাবান্ধা গাঁৱৰ প্ৰয়াত আব্দুল জলিল শেখৰ পুত্ৰ ছৈদূৰ শেখ আৰু কানাইমাৰা গাঁৱৰ প্ৰয়াত মজিবৰ ৰহমানৰ পুত্ৰ ছাহিদূৰ ৰহমান বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত পুনৰ গৰুৰ চোৰাং বেহা ভয়াবহভাৱে বৃদ্ধি পাইছে। জিলাখনত প্ৰায় প্ৰতিদিনে বি এছ এফে চোৰাং গৰু জব্দ কৰি অহাৰ লগতে সৰবৰাহকাৰীক আটক কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তত একাংশ গৰু সৰবৰাহকাৰী অধিক সক্ৰিয় হৈ উঠিছে।