গুৱাহাটী, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ আছে। দল-সংগঠনৰ পৰা ছাত্ৰ সমাজো বাদ পৰি ৰোৱা নাই এই প্ৰতিবাদৰ পৰা । মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰা সকলো ছাত্ৰ-ছাত্ৰী ওলাই আহিছে এই প্ৰতিবাদত যোগ দিবলৈ।

শুকুৰবাৰেও কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত “ৰণহুংকাৰ” নামৰ এক কাৰ্য্যসূচী অনুষ্ঠিত হৈ যোৱাৰ পাছতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এক বিশেষ অধিসূচনা জাৰি কৰে । এতিয়াৰ পৰা কেব বিৰোধী কোনো প্ৰতিবাদত ভাগ লব নোৱাৰিব শিক্ষর্থীয়ে ।

প্ৰতিবাদলৈ ওলাই অহাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট সময় নষ্ট হয় যাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে এই অধিসূচনা জাৰি কৰে । শিক্ষানুষ্ঠানৰ পোছাক পৰিধান কৰি প্ৰতিবাদত অংশ গ্ৰহণ কৰিলেও সেই শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ বাবে বিশেষ ব্যৱস্থা হাতত ল’ব ।

শিক্ষামন্ত্ৰীয়ে এই নিয়ম জাৰি কৰাৰ পাছতে জাঙুৰ খাই উঠিছে ছাত্ৰসমাজ । এই সিদ্ধান্তৰ বাবে কটনিয়ানে শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে মাজনিশা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।