গুৱাহাটী, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : ১০ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে সমগ্ৰ উত্তৰ-পূৱ বন্ধৰ ঘোষণা নেছ’ৰ । উজানবজাৰ স্থিত শ্বহীদ ন্যাসত এক সংবাদমেল যোগে এই কথা ব্যক্ত কৰে নেছ’ৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।

নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল হৈ থকাৰ বাবে এই বন্ধৰ পৰা নাগালেণ্ডক ৰেহাই দিয়া হৈছে যদিও এন এছ এফে নাগালেণ্ডৰ ৰাজ্যপাল ভৱন ঘেৰাও কৰিব ।

নাগালেণ্ডৰ এনএছএফ, অৰুণাচল ছাত্ৰ সন্থা, মেঘালয়ৰ গাৰো ছাত্ৰ সন্থা, খাচী ছাত্ৰ সন্থা, ত্ৰিপুৰী ইণ্ডেজেনিয়াছ পিপ’ল ফ্ৰ’ন্ট, মিজো ছাত্ৰ সন্থাকে ধৰি মুঠ ৮ টা ছাত্ৰ সংগঠনে আহ্বান জনাইছে এই বন্ধৰ।

ইফালে অহা ৯ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধীতাৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাইয়ো ঘোষণা কৰিছে ১২ ঘন্টীয়া অসম বন্ধৰ ।