গুৱাহাটী, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : কেবৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি কটন বিশ্ববিদ্যালয়ে শুকুৰবাৰে গ্ৰহণ কৰে ৰণহুংকাৰ কাৰ্যসূচী ।

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে বুদ্ধিজীৱী ডঃ হীৰেণ , অজিত ভূঞা, অদিপ ফুকন, প্ৰশান্ত ৰাজগুৰুকে প্ৰমুখ্য শিল্পী সমাজ, মানস ৰবীন, জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গৰ লগতে বিভিন্ন মহাবিদ্যালয়, বিশ্ব বিদ্যালয়ৰ শিক্ষার্থী, দল-সংগঠন।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডঃ হীৰেণ গোহাঁইয়ে কয় “ছাত্ৰ সমাজৰ আন্দোলনে জাতিৰ মাজত জাগৰণ আনিব । পূৰ্বতে ছাত্ৰ সমাজে যি ত্যাগ কৰিছিল সেই পথ লৈ আজি ছাত্ৰ সমাজ আগবাঢ়ি আহিছে । আমাৰ মাজত শক্তি বাঢ়িছে। অসম আন্দোলনৰ কথা লক্ষ্য ৰাখি শৃংখলা ৰক্ষাৰে সকলো ছাত্ৰ-ছাত্ৰী আন্দোলনত আগবাঢ়িব লাগে “।

ইফালে এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

কণ্ঠশিল্পী জুবীন গাৰ্গে সংবাদ মাধ্যমৰ আগত এই কাৰ্য্যসূচীৰ সন্দৰ্ভত কয় “কটনৰ এই প্ৰচেষ্টাক ধন্যবাদ জনাইছো যে তেওঁলোক ওলাই আহিছে । এই যুদ্ধ অব্যাহত থাকিব। এইয়া হবলৈ নিদিওঁ। বঙালী অসমীয়া, মুছলিম হিন্দুৰ মাজত যি সংঘাত আনিব বিচাৰিছে আমি সেইয়া হবলৈ নিদিওঁ। এই ক্ষেত্ৰত আমি সজাগ হৈ থাকিম আৰু যুদ্ধ কৰি যাম” ।

সাংবাদিকে এই প্ৰতিবাদৰ পাছতো ৰাষ্ট্ৰই এই প্ৰতিবাদ মানিব বিচৰা নাই বুলি সোধাৰ এক প্ৰশ্নৰ উত্তৰত কয় জুবীন গাৰ্গে কয় যে “তেওঁলোকে অসমক চিনি নাপায় । অসমখন অলপ বেলেগ অন্য ৰাজ্যতকৈ। আমাক বুজি পাব লাগিব । আমাৰ মানসিকতা, ধৈৰ্য্য শক্তি বেলেগ । জন্মৰে পৰা দেখি আহিছো অসমত অশান্তি। বেছিভাগ কেন্দ্ৰীয় চৰকাৰৰ কাৰণেই হয়। তাৰ বিৰুদ্ধে আমি উত্তৰ দিম । একেলগে থাকিম ” ।

এইখিনিতে উল্লেখ কৰিব লাগিব কে কটনিয়ানৰ এই ৰণ হুংকাৰ কাৰ্যসূচীৰ সময়ত বন্ধ থাকে পদপথৰ দোকানসমূহ। ইয়াৰোপৰি উক্ত প্ৰতিবাদী কাৰ্যসূচীত মোটায়ন কৰা হয় শ শ পুলিছ, মিলিটেৰী।