গুৱাহাটী, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : দ্বীপৰ বিলৰ ২৭৪ নং গেটত এখন মালবাহী ৰেলে এজনী ছয়বছৰীয়া হাতীক মহতিয়াই নিয়ে। যাৰ ফলত গুৰুত্বৰভাৱে আহত হয় হাতীজনী।

কামাখ্যা যোগীঘোপা ৰেল পথত শুকুৰবাৰে পুৱা সংঘটিত হয় উক্ত ঘটনাটো। আহত অৱস্থাতেই হাতীজনী দীপৰ বিলৰ পাৰৰ ৰাণী অঞ্চলৰ সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰে। পাছত বনবিভাগৰ লোকে হাতীজনীক ট্ৰেংকোলাইজ কৰি চিকিৎসা কৰে ।

এইদৰে দীপৰ বিলৰ পাৰত প্ৰায়েই বন্যহস্তীক ৰেলৰ খুন্দাত আঘাতপ্ৰাপ্ত বা মৃত্যু হোৱা দেখা যায় । ৰেলৰ বাবেই প্ৰায়েই মৃত্যুক সাবটি লয় বন্যহস্তীয়ে।