গুৱাহাটী, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : ৩ দিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আইটিএ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত আৰম্ভ হৈছে গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল ২০১৯ । শুকুৰবাৰে মুকলি কৰা হ’ল গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণ।

প্ৰবীণ তথা বিশিষ্ট অভিনেতা ৰাকেশ বেদীৰ ৰচনা পৰিচালনা আৰু অভিনয় সমৃদ্ধ নাট ‘পট্টে খুল গয়ে’ৰ যোগেদি আৰম্ভ হয় এই থিয়েটাৰ ফেষ্টিভেল। এই নাট মহোৎসৱ বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে মুকলি কৰে পাৰ্ণো ৰিকাৰ্ডৰ আঞ্চলিক মূৰব্বী বিনীত গ্ৰোভাৰ, ৱামূল (পূৰবী)ৰ পৰিচালন সঞ্চালক এছ ডি বোস, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকন, ইণ্ডিয়ান অইলৰ মুখ্য মহাপ্ৰবন্ধক উট্টিয় ভট্টাচাৰ্য্য আৰু উদ্যোক্তা জিপ্লাছৰ প্ৰকাশক তথা গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ অধ্যক্ষ সুনিত জৈনে।

শুকুৰবাৰে মঞ্চস্থ হোৱা নাট পট্টে খুল গয়ে আছিল হিন্দী ভাষাৰ এখন ব্যঙ্গাত্মক নাট। নাটখনত আমাৰ সমাজৰ সাম্প্ৰতিক অৱস্থাৰ এক ৰূঢ় বাস্তৱক ব্যঙ্গাত্মকভাৱে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা হৈছে। নাটখনত ডাঃ মনোজ ৰাই আৰু তেওঁৰ পত্নী মঞ্জু ৰাইয়ে তেওঁলোকৰ বন্ধুমহলক নিশাৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনায়। বিভিন্ন আমোদজনক ঘটনা আৰু মনোৰঞ্জনমূলক পৰিঘটনাৰ মাজেৰে সমাজৰ বিভিন্ন ছবি প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হৈছে। নাটখনত অভিনয় কৰিছে ৰাকেশ বেদী, কিশৱাৰ মাৰ্চেণ্ট, অনন্ত মহাদেৱন, অভিজিত দত্ত আৰু ৰূপালী গাঙ্গুলীয়ে।

দ্বিতীয়টো দিনত মঞ্চস্থ হ’ব ৰাজনৈতিক ব্যঙ্গাত্মক নাট দ্য ডেভিল ৱেৰছ বাটা আৰু অন্তিম দিনা মঞ্চস্থ হ’ব যশস্বী অভিনেতা আমোল পালেকাৰৰ ৰচনা পৰিচালনাৰে ৰহস্যধৰ্মী নাট কুছুৰ দ্য মিছটেক।

মুম্বাইত প্ৰতিষ্ঠিত প্ৰযোজনা গোষ্ঠীৰ নিবেদন আটাইকেইখন নাট। বিগত বৰ্ষবোৰত কাল্কী কেকলান, শ্বাৱানা আজমী, সৌৰভ শুক্লা, ৰজত কাপুৰ, বিনয় পাঠকৰ দৰে অভিনেতাই শুৱনি কৰি যোৱা গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ আনকেইখন নাটত অভিনয় কৰিব আমোল পালেকাৰ, দানিছ ইৰাণী, সজীৱ পৰখ, দিলনাজ ইৰাণী, ডৰিয়াছ শ্ৰফৰ দৰে অভিনেতা অভিনেত্ৰীয়ে।

অসম পৰ্যটন, এপ’ল’ হাস্পতাল, পূৰবী ডায়েৰী, বেংক অৱ বৰোডা, ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, ইণ্ডিয়ান অইল আৰু ভাৰতীয় জীৱন বীমা নিগমৰ সহযোগত জিপ্লাছে আয়োজন কৰা এই থিয়েটাৰ ফেষ্টিভেলে ইতিমধ্যেই গুৱাহাটীৰ সাংস্কৃতিক প্ৰেক্ষাপটত এক শক্তিশালী খোজ পেলাবলৈ সক্ষম হৈছে।