দৰং, সংবাদ ৩৬৫, ২২ জুলাই : বানৰ বাবে সম্প্ৰতি বানাক্ৰান্তসকলৰ মাজত এমুঠি অন্নক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । চৰকাৰ বা এন জি অ’সমূহে বানপীড়িত লোকসকলৰ মাজত যি সাহাৰ্য্য আগবঢ়াইছে সেইয়াই সকাহ দিছে যদিও যথেষ্ট নহয় ।

ইয়াৰ মাজতে দেওবাৰে দৰং জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত আগলাচৰত মাকৈ খেতিৰ মাজত ৰিলিফৰ সামগ্ৰী ৪৫ বস্তা চাউল, ১২ বস্তা মচুৰ ডাইল , ২ বস্তা নিমখ উদ্ধাৰক লৈ সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি বানাক্ৰান্ত লোকসকলক বিতৰণ কৰিবলৈ পুঠিমাৰী গাওঁ পঞ্চায়তৰ সভাপতি আৰু সচিবে যোৱা ১৮ জুলাইত সংগ্ৰহ কৰি আনিছিল।

স্থানীয় ৰাইজৰ অভিযোগ , গাওঁ পঞ্চায়তৰ সভাপতি আৰু সচিবে একাংশ দুষ্ট চক্ৰৰ সহযোগত কলা বজাৰত বিক্ৰীৰ উদ্দেশ্যে ঘন মাকৈ খেতিৰ মাজত তিৰপালেৰে ঢাকি ৰাখিছিল ।

শ্যামপুৰ থানাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা গম পাই ঘটনাস্থলীত উপস্থিত হৈ সামগ্ৰী খিনি জব্দ কৰে।