নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ অক্টোবৰ : পোহৰৰ উৎসৱ দিপাৱলী। কিন্তু বৰ্তমান পোহৰৰ ঠাইত যেন আতচবাজীৰহে উৎসৱ । দিপাৱলীৰ দুই তিনিদিন আগৰ পৰাই চাৰিওফালে ফটকাৰ শব্দ । এইকেইদিনত সকলোৱে আচলতে নিজকে বচাই ৰাখিব লাগে কিন্তু তাকে নকৰি সকলো আতচবাজীৰ লগত ব্যস্ত হৈ পৰে ।

এনেধৰণৰ অসাৱধানতাৰ বাবেই দীপাৱলীৰ আনন্দৰ মাজতে এক কৰুণ ঘটনা সংঘটিত হয়। আতচবাজীয়েই কাল হ’ল এটি শিশুৰ বাবে । আতচবাজীৰ আঘাটত প্ৰাণ গ’ল ৫ বছৰীয়া শিশুটিৰ ।

এই ঘটনাটো কলকাতাৰ । কলকাতাৰ বেহালাৰ শিলপাৰাত আইতাৰ লগত সন্ধিয়া ফুৰিবলৈ গৈ থাকোঁতে বাটত একাংশ লোকে জ্বলাই থকা আতচবাজীৰ এটা টুকুৰা চিটিকি আহি আঘাট হানে আদি দাস নামৰ শিশুটিৰ ডিঙিত। ফলত প্ৰচুৰ ৰক্তক্ষৰণ হয় শিশুটিৰ।

শিশুটিক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে শিশুটিক।