নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ অক্টোবৰ : প্ৰৱল বৰষুণৰ বাবে বৃদ্ধি পাইছে নৈৰ বাঢ়নী পানী । যাৰ বাবে ব্যাহত হৈ পৰিছে ৰে’ল যাত্ৰা। বাতিল কৰা হৈছে ৬ খনকৈ যাত্ৰীবাহী ৰে’ল।

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ লামডিং মাণ্ডলিক কাৰ্যালয়ৰ বানিজ্য শাখাৰ প্ৰৱন্ধক অশোক কুমাৰ দেয়ে দেওবাৰে সন্ধিয়া এখন সংবাদ মেলৰ আয়োজন কৰে । সংবাদমেল আয়োজিত কৰি ৰেল বাতিল কৰাৰ কথা জানিবলৈ দিয়ে।

ইয়াৰোপৰি দেওবাৰে বানৰ ফলত আবদ্ধ হৈ পৰা ডিব্ৰুগড়-গুৱাহাটী ইণ্টাৰচিটী, তিনিচুকীয়া-লামডিং যাত্ৰীবাহী ৰে’ল আৰু ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ বাতিল কৰি ঘূৰাই অনা হৈছে গুৱাহাটীলৈ।

আনহাতে , বাতিল কৰা হৈছে গুৱাহাটী-নাহৰলগুন শতাব্দী এক্সপ্ৰেছ, ডিব্ৰুগড়-ৰঙিয়া যাত্ৰীবাহী ৰে’ল,ডিব্ৰুগড়-গুৱাহাটী শতাব্দী এক্সপ্ৰেছ,মৰিয়নী-ডিমাপুৰ যাত্ৰীবাহী ৰে’ল,ডিমাপুৰ-মৰিয়নী যাত্ৰীবাহী ৰে’ল ,তিনিচুকীয়া-লামডিং যাত্ৰীবাহী ৰে’ল।