নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৯ অক্টোবৰ : ঢকুৱাখনাত ডি এল এড ডিগ্ৰী দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ শিক্ষাৰ্থীৰ ।

এজন শিক্ষকক ছাত্ৰ-ছাত্ৰীৰ নিৰ্দেশক, বন্ধু আৰু পথ-প্ৰদৰ্শক ৰূপে বিবেচনা কৰা হয়। শিক্ষকৰ ব্যক্তিত্বৰ প্ৰভাৱ প্ৰতিজন শিক্ষিত লোকেই নিজ জীৱনত অনুভৱ কৰে। সমাজৰ কোনো ব্যৱসায়-বৃত্তিয়েই শিক্ষকতা বৃত্তিতকৈ উৰ্ধত আৰু সন্মানীয় স্বৰূপে বিবেচিত হ’ব নোৱাৰে। সমাজৰ লোকৰ দৃষ্টিত শিক্ষকসকল আজিও আদৰ্শ, অনুপ্ৰেৰণাদায়ক আৰু অনুকৰণীয় ব্যক্তি। কিন্তু এনে এটা সন্মানীয় বৃত্তিত সম্প্ৰতি আঘাট সনা পৰিলক্ষিত হৈছে।

২০১৭ চনৰ পৰা ঢকুৱাখনাৰ সোৱণশিৰি মাদাৰ টেৰেছাৰ অধ্যক্ষ আৰু কেৰাণীয়ে ডি এল এড ডিগ্ৰী দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে শিক্ষাৰ্থীসকলে।

বৰ্তমান ৰাজ্যত শিক্ষক হ’বলৈ বি এড বা ডি এল এড কৰাটো বাধ্যতামূলক। উল্লেখযোগ্য যে এছ.চি.আৰ.টিয়ে আৰম্ভণিৰ পৰাই ৰাজ্যৰ গুণগত প্ৰাথমিক বিদ্যালয় শিক্ষা আৰু শিক্ষক শিক্ষাৰ উন্নতি লগত জড়িত হৈ আছে। এছ.চি.আৰ.টিয়ে নিয়মিত/মুখামুখি প্ৰথা আৰু মুক্ত আৰু দূৰ শিক্ষণ প্ৰথাৰ মাধ্যমেৰে শিক্ষকক পেছাদাৰীভাৱে সক্ষম কৰি আৰু শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ বাবে দুবছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ সঞ্চালন কৰি আহিছে।

শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগটোৱে টেট পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে ডি এল এডৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ বা অধ্যয়ন কৰি থকাৰ ৰছিদ অনলাইনৰ জৰিয়তে আপলোড কৰাটো বাধ্যতামূলক কৰিছিল । ইয়াৰ পাছতে ওলাই পৰিল ডি এল এডৰ নামত এছ ছি আৰ টিৰ লগতে বহুতো শিক্ষকে কৰি থকা ব্যৱসায় ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাৰ সোৱণশিৰি মাদাৰ টেৰেছাৰ অধ্যক্ষ গণেশ্বৰ দলে আৰু কেৰাণী যোগেশ্বৰ পেগুৱে শিক্ষিত যুৱক-যুৱক যুৱতীৰ লগত ডি এল এড ডিগ্ৰী দিয়াৰ নামত হেতালি খেলিছে। ডিগ্ৰী দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰিছে বুলি অভিযোগ উঠিছে অধ্যক্ষ আৰু কেৰাণীৰ ওপৰত । এই অভিযোগ উত্থাপিত কৰিছে ছাত্ৰ-ছাত্ৰীসকলেই ।

ৰাজ্যত ১০ নৱেম্বৰত হ’বলগীয়া টেট পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী । এনে সময়তে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এক মন্তব্য কৰে যে অ ডি এল/ এন আই অ এছ ডি এল এডৰ গ্ৰহণযোগ্যতা ২০১৭ চনলৈকেহে আছিল। ইয়াৰ পাছত কৰা সকলৰ প্ৰমাণ পত্ৰ বৈধ নহয়। কাৰণ অবৈধভাৱে কিছুমান শিক্ষানুষ্ঠানত চলাই থকা হৈছে ডি এল এড পাঠ্যক্ৰম।

উক্ত ঘোষণাৰ পাছতেই বিপাঙত পৰে ডি এল এডৰ শিক্ষাৰ্থীসকল। কাৰণ মাত্ৰ ন মাহৰ ভিতৰতে ডি এল এডত নাম ভৰ্তিৰ ব্যৱস্থা কৰিম বুলি কৈ ৫০০০ ৰ পৰা ৭৫০০ টকালৈকে ছাত্ৰ-ছাত্ৰীৰ পৰা ধন লৈছিল ঢকুৱাখনাৰ সোৱণশিৰি মাদাৰ টেৰেছাৰ অধ্যক্ষ গণেশ্বৰ দলে আৰু কেৰাণী যোগেশ্বৰ পেগুৱে। সম্প্ৰতি এই টকাসমূহ ঘূৰাই দিম বুলি কৈ পলায়ন কৰি ফুৰিছে অধ্যক্ষ আৰু কেৰাণীগৰাকীয়ে।

প্ৰশ্ন হয় ঘূৰাই পাব নে এইসকল শিক্ষাৰ্থীয়ে নামভৰ্তিৰ মাচুল ? কেৱল এয়াইটো নিশ্চয় নহয় । বিচাৰিলে হয়তো আৰু ওলাব এনেদৰে শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাছুলেৰে নিজৰ পকেট গৰম কৰা অধ্যক্ষ , কেৰাণী ।