ক্ষেত্ৰী, ১৩ অক্টোবৰ, ২০২৩ : বেচৰকাৰী সন্থা ৰাউণ্ড টেবেল ইণ্ডিয়াৰ প্ৰশংসনীয় পদক্ষেপ। ৰাউণ্ড টেবেল ইণ্ডিয়াই ২০ লাখ টকাৰে নিৰ্মাণ কৰিলে বিদ্যালয়ৰ শ্ৰেণীকোঠা Classroom)। ছাত্র-ছাত্ৰী সকলক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সুবিধা প্ৰদানৰ বাবে ৰাউণ্ড টেবেল ইণ্ডিয়াৰ এই বিশেষ পদক্ষেপ। প্ৰতিদিনে একোটাকৈ শ্ৰেণীকোঠা নিৰ্মাণ কৰে ৰাউণ্ড টেবেল ইণ্ডিয়াই।

ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছে বেচৰকাৰী সন্থা ৰাউণ্ড টেবেল ইণ্ডিয়া। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো প্ৰতিদিনে একোটাকৈ শ্ৰেণীকোঠা নিৰ্মাণৰ লক্ষ্যৰে কাম কৰি আছে বেচৰকাৰী সন্থা ৰাউণ্ড টেবেল ইণ্ডিয়াই। শেহতীয়াকৈ কিছুদিন পূৰ্বে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ক্ষেত্ৰীৰ মলায়বাৰীৰ অতিকৈ পিছপৰা অঞ্চলৰ শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেটন নামৰ বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণ কৰে ৰাউণ্ড টেবেল ইণ্ডিয়াই।

শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেটন বিদ্যালয়ৰ তিনিটাকৈ শ্ৰেণীকোঠা ৰাউণ্ড টেবেল ইণ্ডিয়াই জি পি আৰ টি ২৩৮ আৰু পি এণ্ড জিৰ সহযোগত নিৰ্মাণ কৰে। তিনিটা শ্ৰেণীকোঠাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে শৌচলায়ৰো নিৰ্মাণ কৰি দিয়ে ৰাউণ্ড টেবেল ইণ্ডিয়াই। শ্ৰেণীকোঠা তিনিটা লগতে শৌচলায় মুকলি কৰে ৰাউণ্ড টেবেল ইণ্ডিয়াৰ নেশ্যনেল প্ৰজেক্ট কনভেনৰ টিআৰ মনোজ ভাঞ্চলে। বিদ্যালয়খনৰ ৪০০ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ বাবে ১৫০০ স্কোৱাৰ ফিট এলেকাত নিৰ্মাণ কৰা হয় শ্ৰেণীকোঠা তিনিটা।

বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৰাউণ্ড টেবেল ইণ্ডিয়াই মুঠ ২০ লাখ টকা খৰচ কৰে। বেচৰকাৰী সন্থা ৰাউণ্ড টেবেল ইণ্ডিয়া সমগ্ৰ দেশতে বিদ্যালয়সমুহৰ আন্তঃগাঁথনি উন্নয়ৰ বাবে কাম কৰি আছে। সন্থাটোৱে প্ৰতিদিনে একোটাকৈ শ্ৰেণীকোঠা নিৰ্মাণ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ৰাউণ্ড টেবেল ইণ্ডিয়াই বহু শ্ৰেণীকোঠা নিৰ্মাণ কৰিছে। অসমৰ প্ৰতিখন জিলাতে ভিতৰুৱা অঞ্চল সমূহত থকা বিদ্যালয়সমুহৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে ভাল পৰিৱেশৰ মাজত শিক্ষা গ্ৰহণ কৰিব পাৰে ইয়াৰ বাবে ৰাউণ্ড টেবেল ইণ্ডিয়াই শ্ৰেণীকোঠা নিৰ্মাণৰ কাম চলাই আছে।

কেৱল ছাত্ৰ-ছাত্ৰী সকলৰ বাবে শ্ৰেণীকোঠা নিৰ্মাণ কৰাই নহয় ৰাউণ্ড টেবেল ইণ্ডিয়াই বিভিন্ন ধৰণৰ কাম কৰি আছে। শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ মাছখোৱা ঈদগাহ খেল পথাৰত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলৰ মাজত হোৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাতো ৰাউণ্ড টেবেল ইণ্ডিয়াই সেৱা আগবঢ়াইছিল। প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰা প্ৰতিযোগী সকলক খাদ্য, পানীৰ বটল আৰু চৰবত যোগান ধৰিছিল ৰাউণ্ড টেবেল ইণ্ডিয়াই।