যোৰাবাট, সংবাদ ৩৬৫, ১২ অক্টোবৰ : শুকুৰবাৰে মহানগৰীৰ পাৰ্শ্বৱৰ্তী যোৰাবাটত এগৰাকী বৃদ্ধৰ মৃতদেহ উদ্ধাৰ কৰা হয়। অঞ্চলটোত নলাত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। পিছত যোৰাবাট আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমানো বৃদ্ধ লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল মৃত লোকজন। কেইবা দিন ধৰি অঞ্চলটোত অনাই বনাই ঘূৰি আছিল বৃদ্ধগৰাকী।

ইফালে আৰক্ষীয়ে মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহটো। চিনাক্তকৰণৰ বাবে মৃতদেহটো ৭২ ঘন্টা মৰ্গত ৰখা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।