তিতাবৰ, সংবাদ ৩৬৫, ১১ অক্টোবৰ : উন্নয়নৰ নামত ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই আহিছে যদিও ৰাজ্যৰ ভিন্ন প্ৰান্তত উন্নয়নৰ নামত পৰা নাই এচপৰা ইটাও।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যাতায়তৰ নামত অসম নাগালেণ্ড সীমান্তৰ বেকাজানৰ ৰাইজে বাৰুকৈয়ে জ্বলাকলা খাব লগা পৰিস্থিতিৰ  সৃষ্টি হৈছে। ৰাজ্যৰ গড়কাপ্তানি বিভাগটোৰ চূড়ান্ত অকৰ্ণম্যনতাৰ বাবেই ৰাইজে যাতায়তৰ নামত যমৰ যাতনা ভোগ কৰিব লগা হৈছে।

তিতাবৰ সমষ্টিটোৰ বহু বাট পথ সম্প্ৰতি কদৰ্যময় হৈ পৰিছে। বিশেষকৈ বেকাজান আৰক্ষী চকীৰ সন্মুখৰে পাৰহৈ যোৱা পানীখেতি-বৰহোলা-তিতাবৰ সংযোগী গুৰুত্বপূৰ্ণ পথটোত বৰ্তমান সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতসমূহ মৃত্যুদূতলৈ পৰিণত হৈছে।

ইফালে আৰক্ষী চকীৰ সমীপতে থকা কালভাৰ্টটো বেকাজান নদীৰ পলস আৰু বালিয়ে পুতি পেলোৱাৰ ফলত বেকাজান নদীখনে অন্য ফালে গতি লয়। ফলস্বৰূপে নদীখনে  পানীখেতি – বৰহোলা-তিতাবৰ সংযোগী গড় আলি পথটোৰ ওপৰেদি পাৰ হৈ যোৱাত পথটো চিঙি জীৱৰ লগতে বহু অংশত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি কৰিছে।  যাৰ বাবেই পথৰ ওপৰেদি নদীৰ পানী বৈ থকাৰ ফলত ৰাইজ যাতায়ত ক্ষেত্ৰত  ভীষণ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ।

ইয়াৰোপৰি বেকাজানৰ দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ কাষত নদীৰ পলস জমা হৈ পৰাৰ অঞ্চলটো কৰ্দযময় হৈ পৰাৰ সমান্তৰাল ভাৱে বেকাজান আৰক্ষী চকী আৰু তৃতীয় আৰক্ষী বাহিনীৰ এটা গুৰুত্বপূৰ্ণ কেম্পত বাঢ়নী পানী প্ৰৱেশ কৰি  বসবাসৰ অনপযোগী কৰি তুলিছে।

উল্লেখ্য যে বেকাজান নদীখনৰ খনন আৰু গুৰুত্বপূৰ্ণ গড় আলি পথটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বেকাজানৰ সৰু চহৰখনৰ ৰাইজ ব্যাপক হাৰত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে।

এই ক্ষেত্ৰত ৰাইজে যোৰহাট জিলা উপায়ুক্ত, তিতাবৰ  মহকুমা প্ৰশাসন আৰু গড়কাপ্তানি বিভাগক পথটোৰ দুৰৱস্থাৰ সম্পৰ্কে বাৰম্বাৰ অৱগত কৰি অহাৰ লগতে নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। যাৰ বাবে ৰাইজৰ সমস্যা সমাধানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীক তিতাবৰৰ বেকাজানবাসীয়ে আহ্বান জনাইছে।