নিউজ ডেস্ক ,সংবাদ ৩৬৫, ২৩ আগষ্ট : উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকত আজি ৬ বছৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি আছে।অহা ৩১ আগষ্টত অসমৰ নাগৰিক পঞ্জী ঘোষণাৰ দিন চুড়ান্ত কৰিছে উচ্চতম ন্যায়ালয়ে । কিন্তু শেহতীয়া ভাৱে চৰকাৰ খনে যি সমূহ ব্যৱস্থা লৈছে সেই সমূহ ব্যৱস্থাই বিদেশী সকলক দুগুন উৎসাহিত কৰিব । এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যৰ ।

কাৰণ এন আৰ চিত নাম নাথাকিলে বিদেশী নহয় বুলি ঘোষণা কৰিছে চৰকাৰে । যি সকলৰ নাম পূৰ্বতে প্ৰকাশ হোৱা এন আৰ চিত অন্তৰ্ভুক্ত নাছিল সেই সকলে ৭১ চনৰ আগৰ বৈধ নথি পত্ৰ ন্যায়ধিকৰণত জমা দিয়াৰ বাবে ৬০তা দিনৰ পৰিবৰ্তে চৰকাৰে ১২০ দিন কৰাটো বিৰোধিতা কৰিছে ছাত্ৰ সন্থাই । এন আৰ চিত নাম নথকাবোৰৰ ক্ষেত্ৰত চৰকাৰে আইনী ভাবে সাহাৰ্য প্ৰদান কৰিব । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এনে সমূহ ঘোষণাৰ ফলত বিদেশীয়ে অধিক উচ্চহিত হব বুলি মন্তব্য দিয়ে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।

আনহাতে শুকুৰবাৰে হোজাইৰ বিধায়ক শিলাদিত্য দেৱেই উত্থাপন কৰা অসম আন্দোলনৰ শ্বহীদ মদন মল্লিকৰ নাম এন আৰ চিত নথকাৰ প্ৰসংগত ছাত্ৰ সন্থাৰ উপদেষ্টা গৰাকীয়ে কয় যে অসম আন্দোলনৰ জাতীয় শ্বহীদৰ পৰিয়ালৰ নাম এন আৰ চিত থাকিবই । যদি কিবা নথি পত্ৰৰ খেলিমেলি হৈছে তেতিয়া হলে এন আৰ চিত কৰ্তৃপক্ষক এই বিষয়টো চাবলৈ আহ্বান জনায় উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।

আনহাতে ভাৰতীয় সীমা সুৰক্ষা বাহিনীয়ে এন আৰ চিৰ সন্দৰ্ভত ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে যি ধৰণে নিৰ্দেশ দিয়ে তেনে ধৰণে নিৰ্দেশ পালন কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য দিয়ে ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ উত্তৰ পূৰ্বাঞ্চলৰ ইন্সপেক্টৰ জেনেৰেল পিয়ুছ মৰদিয়াই ।