দেৰগাঁও, নৱেম্বৰ ৫ : কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত সকলোধৰণৰ উন্নয়নৰ পৰা বঞ্চিত থকা দেৰগাঁও সমষ্টিৰ কাকডোঙা অঞ্চলত শেহতীয়াকৈ উন্নয়নৰ চমক দিবলৈ সক্ষম হৈছে দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালীয়ে। বিগত ৫ বছৰত কংগ্ৰেছৰ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ অমনোযোগিতাৰ বাবে শোচনীয় ৰূপ ধাৰণ কৰা সমষ্টিটোৰ গড়কাপ্তনি পথ সমূহ পকীকৰণৰ ব্যৱস্থা কৰিছে বৰ্তমানৰ বিধায়ক ভৱেন ভৰালীয়ে। আজি অলপতে দেৰগাঁৱৰৰ কাকডোঙাত বিধায়কগৰাকীয়ে কাকডোঙা কেন্দ্ৰীয় পথৰ পকীকৰণৰ কাম শুভাৰম্ভ কৰে। উল্লেখযোগ্য, এই পথটোৰে বিগত সময়ছোৱাত যাতায়াতৰ ক্ষেত্রত নৰক যান্ত্ৰনা ভোগ কৰিছিল স্থানীয় ৰাইজে। আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানতে বিধায়ক ভৱেন ভৰালীয়ে পথটোৰ কাম উন্নত মানৰ কৰাত গড়কাপ্তনি বিভাগৰ অভিযন্তাক অধিক গুৰুত্ব আৰোপ কৰিবলৈ কয়। লগতে আজিৰ এই অনুষ্ঠানতে কাকডোঙাৰ আন এটি জনবহুল পথ গোহাঁইমেৰ আলি চলিত বিত্তীয় বৰ্ষণ শেষৰ ফালে পকীকৰণৰ কাম আৰম্ভ হ’ব বুলি ৰাইজক জানিবলৈ দিয়ে। শুভাৰম্ভনি অনুষ্ঠানত বিধায়ক ভৱেন ভৰালীৰ লগতে, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নুৰুল চুলতান, দেৰগাঁও গড়কাপ্তনি উপ সংমণ্ডলৰ অভিযন্তা গোলাঘাট জিলা অ:গ:পৰ কাৰ্যনিৰ্বাহক সদস্য মালিৰাম দত্ত, দেৰগাঁও অ:গ:প: সমষ্টি কমিটিৰ সম্পাদক পৱিত্ৰ ভূঞাৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।