দিছপুৰ, নৱেম্বৰ ৪ : “মহাপুৰুষ গুৰু নানকে আমাক মানৱীয় প্রমূল্যবােধৰ বাট দেখুৱাই গৈছে। আমি সেই পথেৰে আগবাঢ়ি সমাজ নির্মাণৰ কামত ব্ৰতী হ’ব লাগিব। মানুহ, জাতি আৰু দেশৰ কথা চিন্তা কৰি মহাপুৰুষগৰাকীয়ে যি আদর্শ প্রতিষ্ঠা কৰি গৈছে, সেই আদর্শৰে আমি আগবাঢ়িলেহে এখন আদর্শ সমাজ প্রতিষ্ঠা কৰিব পাৰিম।” আজি গুৰু নানকৰ জন্ম জয়ন্তী উপলক্ষে গুৰু নানক নেশ্যনেল হাইস্কুলত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়। মুখ্যমন্ত্রী সোণোৱালে কয় যে অসম আধ্যাত্মিক ভূমি। মহাপুৰুষ গুৰু নানক আৰু মহাপুৰুষ শংকৰদেৱৰ মহামিলন হৈছিল অসম ভূমিত। গুৰু নানকৰ পদার্পণে অসমক ধন্য কৰিছিল। আমি মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ গুৰু নানক আৰু আন মহামনিষীসকলৰ আদর্শৰে অসমীয়া সমাজখন শক্তিশালী কৰিব লাগিব। তেখেতে জীৱনকালত ৩০ হাজাৰ কিলোমিটাৰ খোজ কাঢ়ি ধর্ম প্ৰচাৰ কৰিছিল। বিশৃংখল মানৱ সমাজক শৃংখলাবদ্ধ কৰিব বিচাৰিছিল। সেইবাবে শিখ ধৰ্মক বিশ্বৰ মানৱ সমাজে শ্রদ্ধা কৰে। শিখ ধৰ্মই প্রতিষ্ঠা কৰা শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা আৰু চৰিত্ৰ নিৰ্মাণৰ আদৰ্শই যুগ-যুগান্তৰে মানৱ সমাজক প্রেৰণা যোগাই আহিব বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে কয় যে আমি সততাৰে কাম কৰিব লাগিব। অসমত বসবাস কৰা মাৰোৱাৰী বিহাৰী, বঙালী, শিখকে ধৰি বিভিন্ন ভাষা-ভাষী, ধমাৱলম্বী লোকে একতাৰে কাম কৰিব লাগিব। বৰাক-ব্ৰহ্মপুত্র, পাহাৰ ভৈয়ামত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীয়ে সমন্বয় আৰু ভাতৃত্ববােধেৰে অসমক শক্তিশালী ভাবে গঢ় দি দেশৰ ভিতৰত এখন শ্রেষ্ঠ ৰাজ্যত পৰিণত কৰিব লাগিব। মহাপুৰুষ সকলে বহু কষ্ট কৰি যি আদর্শ প্রতিষ্ঠা কৰিছে, সেই আদর্শৰে আমি আগুৱাই যাব লাগিব। মুখ্যমন্ত্রীয়ে নতুন প্রজন্মক মানৱতাৰ মূল্যাকংন কৰি সমাজ জীৱনক শক্তি প্ৰদান কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ মংগল আৰু বিকাশৰ বাবে গুৰুদ্বাৰাত প্রার্থনা জনায়। মুখ্যমন্ত্ৰীৰ সৈতে অসম বিভীয় নিগমৰ অধ্যক্ষও উপস্থিত আছিল৷