চৰাইদেউ, নৱেম্বৰ ৫: উত্তৰ-পূৱ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞসকলৰ ২৮ সংখ্যক বাৰ্ষিক অভিৱৰ্তনৰ আয়োজক সমিতিৰ উদ্যোগত সোণাৰি লায়ন্স ক্লাৱৰ সৌজন্যত তথা সোণাৰি লেখিকা সন্থা আৰু সোণাৰি মহিলা সমিতিৰ সহযোগত- মহিলাৰ কৰ্কট ৰোগৰ সজাগতা শিবিৰ আয়োজন কৰা হয়। এই সজাগতা সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। অনুষ্ঠিত সজাগতা শিবিৰত বন্তি প্ৰজ্বলন কৰে গুণলতা শইকীয়াই। সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধা জনাই সুধাকণ্ঠৰ গীত ” ‘মানুহে মানুহৰ বাবে’ প্ৰসন্ন ফুকন দেৱৰ দ্বাৰা গীতৰ কলিটো আগবঢ়াই। মহিলাৰ কৰ্কট ৰোগৰ সজাগতা শিবিৰৰ অনুষ্ঠিত অনুষ্ঠানত ডাঃ অৰুণ মাধৱ বৰুৱা, সম্প্ৰীতি হস্পিটেল, শিৱসাগৰ, ডাঃ প্ৰণয় ফুকন, অসম মেডিকেল কলেজ, ডিব্ৰুগড় , ডাঃ বন্দনা গুপ্তা’ ৰ লগতে আৰু গৰাকী বিশেষজ্ঞ চিকিৎসক তথা সমল ব্যক্তি উপস্থিত থাকে। ডাঃ অৰুণ মাধৱ বৰুৱাই জৰায়ু কেন্সাৰ, ডাঃ প্ৰণয় ফুকনে ডিম্বাষয় কেন্সাৰ আৰু ডাঃ বন্দনা গুপ্তাই স্তন কেন্সাৰ ওপৰত মহিলা কৰ্কট ৰোগৰ সজাগতা শিবিৰত বক্তব্য দাঙি ধৰে ।