গুৱাহাটী, সংবাদ ৩৬৫, ২৩ অক্টোবৰ : দীপাৱলীৰ প্ৰাকক্ষণত মহানগৰ আৰক্ষীৰ বিশেষ নিৰ্দেশনা ৷

নিশা ১০বজাৰ পাছত মহানগৰীত আতচবাজী ফুটুৱা নিষিদ্ধ কৰা হৈছে । এই নিৰ্দেশনা পাণবজাৰ আৰক্ষীৰ ।

ইয়াৰোপৰি অনুজ্ঞাপত্ৰ থকা দোকানৰ পৰা আতচবাজীসমূহ ক্ৰয় কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ।

দীপাৱলীৰ সময়ত মণ্ডপৰ ভিতৰত সুৰাপান আৰু সুৰা সেৱন কৰি গাড়ী চলোৱা, পূজা আয়োজন কৰা অঞ্চলৰ সমীপত নিষিদ্ধ কৰা হৈছে জুৱা।

জৰুৰীকালীন অৱস্থাত সাধাৰণ নাগৰিকক স্থানীয় আৰক্ষী, জিলা দুৰ্যোগ প্ৰশমন বিভাগ অথবা ১০০ত ফোন কৰিবলৈ আহ্বান প্ৰশাসনৰ।

প্ৰতিখন পূজা সমিতিক পূজা উদযাপনৰ সময়ত স্বেচ্ছাসৱী নিযুক্তি দিবলৈকো প্ৰশাসনৰ আহ্বান ৷