গুৱাহাটী, সংবাদ ৩৬৫, ২৩ অক্টোবৰ : মহানগৰীৰ শান্তিপুৰত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ। বিগত বহুদিন অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল নাহৰফুটুকীৱে।

প্ৰতিদিনে অঞ্চলটোৰ লোকৰ পৰা ভক্ষণ কৰিছিল পোহনীয়া জীৱ-জন্তু। বন বিভাগক খবৰ দিয়া হৈছিল যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাছিল।

পিছত এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল সংবাদ মাধ্যমত। ইয়াৰ পিছতেই অঞ্চলটোত বন বিভাগে স্থাপন কৰিছিল পিঞ্জৰা।

অৱশেষত এই পিঞ্জৰাত পৰে অঞ্চলটোত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকীটো। নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ পিছতেই স্বস্তিৰ নিশ্বাস পেলালে অঞ্চলটোৰ ৰাইজে।