গুৱাহাটী, সংবাদ ৩৬৫, ২৩ অক্টোবৰ : মহানগৰীৰ মাজ মজিয়াত এগৰাকী টেলিভিছন সাংবাদিকক পিষ্টল উলিয়াই ভাবুকি দিয়াৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাৰ্নেলিষ্ট ফ’ৰাম অসম (জে এফএ)ই । লগতে ফ’ৰামে দোষীক কৰায়ত্ব কৰি শাস্তি দিয়াৰ দাবী জনাইছে আৰু এই সংক্ৰান্তত মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ব্যক্তিগত উদ্যোগ লবলৈ আহ্বান জনাইছে।

ভাবুকিৰ সন্মুখীন হোৱা সাংবাদিক বিশ্বজিৎ নাথে জনোৱা মতে ভেটাপাৰা চম্পক নগৰত সোমবাৰে সন্ধিয়া তেওঁক দুজন দুৰ্বৃত্তই ছ’চিয়েল মিডিয়াত বিভিন্ন মন্তব্য প্ৰকাশ কৰাকলৈ ভাবুকি দিয়ে আৰু ভৱিষ্যতে তেনে নকৰিবলৈ সকীয়াই দিয়ে। সক্ৰিয় সাংবাদিক নাথে ইতিমধ্যে বশিষ্ঠ থানাত মংগলবাৰে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহন নকৰা বুলি নাথে অভিযোগ কৰিছে।

সাংবাদিকৰ মন্তব্য বা বক্তব্য প্ৰকাশ কৰাৰ অধিকাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাই প্ৰদান কৰিছে আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে কাম কৰা ব্যক্তি ,প্ৰতিষ্ঠান অথবা অপশক্তিক আইনৰ জৰিয়তে শাস্তি দিয়াৰ নৈতিক দায়িত্ব প্ৰশাসনে লবই লাগিব। অন্যথা দেশৰ সংবাদ মাধ্যমক ভয় ভাবুকিৰে আতংকিত কৰি ৰখাৰ বদনামৰ পৰা অসমো মুক্ত ন’হব।