নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৯ অক্টোবৰ : শুকুৰবাৰে মাজ নিশা ডিব্ৰুগড়ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু হয় একে পৰিয়ালৰ শিশু,মহিলাসহ মুঠ ৫ সদস্যৰ ।

ডিব্ৰুগড় জিলাৰ নিজ কদমণিত সংঘটিত এই ভয়ংকৰ ঘটনাৰ। ৰাতি প্ৰায় ১.৩০ মান বজাত শুই থকা অৱস্থাতে মায়া দেৱী নামৰ মহিলাগৰাকীৰ বাসগৃহ জ্বলি যোৱাৰ লগতে দুটি শিশু ক্ৰমে শিবু সোণাৰ, শংকু সোণাৰ, মাতৃ মায়া দেৱী আৰু পুত্ৰ বিশাল সোণাৰ আৰু ঘৰৰ কাম কৰা নুনু নামৰ ব্যক্তি জনৰ থিতাতে অগ্নিদগ্ধ হৈ নিহত হয়।

ঘৰুৱা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ।

ইফালে এই সমগ্ৰ ঘটনাটোত শোকপ্ৰকাশ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিহত পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে ।