লখিমপুৰ, ৬ অক্টোবৰ, ২০২৩ : লখিমপুৰৰ এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে তীব্ৰ উত্তেজনা। ড্ৰাগছ (Drugs) ব্যৱসায়ী, হত্যাকাৰীৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ড্ৰাগছ, মদ আদিৰ ঘাটিত পৰিণত লাক্ষীমপুৰৰ চাপৰি গাঁও আৰক্ষীৰ নাকৰ তলতে ড্ৰাগছ, মদৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ লৈ ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া।

লখিমপুৰৰ চাপৰি গাঁৱত ড্ৰাগছ সৰবৰাহকাৰীয়ে এগৰাকী ছাত্ৰক আক্ৰমণ কৰি হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি চাপৰি গাঁৱত তীব্ৰ উত্তেজনা অব্যাহত আছে। শুকুৰবাৰে অঞ্চলটোৰ ৰাইজে হত্যাকাৰী, ড্রাগছ ব্যৱসায়ীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাৰীক ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি ফাঁচীৰ দাবী জনায়। ঘটনা সন্দৰ্ভত তদন্তকাৰী আৰক্ষী বিষয়াৰ সন্মুখত তাবিদ হুছেইনৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে অভিযোগ কৰে যে এটা ৯/১০ জনীয়া ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ সেৱনকাৰীৰ দলে খেদি খেদি তাবিদ হুছেইন নামৰ ছাত্ৰজনক প্ৰহাৰ কৰি হত্যা কৰে।

হত্যাকাৰীয়ে ইয়াৰ পিছত ছাত্ৰজনক পানীত পেলাই দিয়ে। ৰাইজে অভিযোগ কৰে যে অঞ্চলটো সম্প্ৰতি ড্ৰাগছ, মদ, ভাং, জুৱা, নকল সোণ, জাল নোটৰ ব্যৱসায়ীৰ লগতে বিভিন্ন অসামাজিক কাম কাজৰ ঘাটিত পৰিণত হৈছে। সন্ধিয়া হোৱাৰ লগে লগে মহিলা বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় যদিও চাপৰি গাঁৱৰ কিছু দূৰত্বত থকা খেলমাটি আৰক্ষীয়ে বিশেষ কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে।।অঞ্চলটোৰ পৰিৱেশ ইমানেই বেয়ালৈ গৈছে যে কোনো লোকক কোনোবাই মাৰপিট কৰি থাকিলেও কোনো ওলাই নাহে। তাবিদ হুছেইন নামৰ ছাত্ৰজনক ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ সেৱনকাৰী সকলে মাৰপিট কৰি থকাৰ সময়তো ৰাইজে ঘটনা প্ৰত্যক্ষ কৰি থকাৰ বাদে কোনো এজন লোক ছাত্ৰজনক ৰক্ষা কৰিবলৈ ওলাই নাহিল।

একাংশ লোকে ছাত্ৰজনক মাৰপিট কৰি থকা ভিডিঅ’ ৰেকৰ্ডিঙ কৰাতে ব্যস্ত আছিল বুলি অভিযোগ উত্থাপন হৈছে। শুকুৰবাৰে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) জয়ন্ত বৰুৱাসহ আৰক্ষীৰ এটা দল চাপৰি গাঁৱত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাৰ অনুসন্ধান কৰে। বৃহস্পতিবাৰে আৰক্ষীয়ে তিনিজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে যদিও বাকী কেইজনক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। নিজৰ প্ৰতিক্ৰিয়াত ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে চৰকাৰে ড্ৰাগছ বিৰোধী অভিযান চলাইছে যদিও যি ধৰণে ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা হ্ৰাস পাব লাগিছিল সেয়া আজি পৰ্যন্ত হ্ৰাস হোৱা পৰিলক্ষিত হোৱা নাই। ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক জনজাগৰনৰ প্ৰয়োজন বুলি ডঃ দিব্যজ্যোতি শইকীয়াই ব্যক্ত কৰে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী গৰাকীয়ে কয় যে ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক পুনৰ সজাগ কৰাৰ উদ্দেশ্যে তেওঁ লখিমপুৰৰ লগতে অসমৰ বিভিন্ন জিলা পৰিভ্ৰমণ কৰিব। উল্লেখ্য যে উক্ত ঘটনাত জড়িত ফালু শ্বেখ , জুলফিকৰ আলী, আমিৰ আলী খান, ৰফিক আলী আজিও পলাতক অৱস্থাত আছে। জানিব পৰা মতে এই ঘটনাত জড়িত লোকসকলৰ প্ৰায় সংখ্যকেই লখিমপুৰৰ বাহিৰৰ পৰা আহি ভাড়া ঘৰত থাকি বিভিন্ন অসামাজিক কাম কাজত জড়িত হৈ আছে আনহাতে অঞ্চলটোত সৃষ্টি হোৱা পৰিৱেশৰ বাবে ৰাইজে আৰক্ষীক তীব্ৰ সমালোচনা কৰিছে। লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছত চাপৰি গাঁৱত ড্ৰাগছ, মদ, ভাং, নকল সোণ, জাল নোট আৰু জুৱা নিৰ্মূল হ’ব বুলি আশা প্ৰকাশ কৰা হৈছিল যদিও ৰাইজে আশা কৰাৰ দৰে সেইয়া হৈ নুঠিল।