লখিমপুৰ, ১৫ জুন, ২০২৩ : ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশত বিগত কিছুদিন ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলৰ বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে কেইবাখনো জিলা (Assam under flood water)। এফালে ফেনেফুটুকাৰে বাঢ়িছে নৈ-উপনৈ সমূহৰ পানী আনফালে গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অথন্তৰে দেখা দিছে৷ অৰুণাচলৰ প্ৰদেশত অব্যাহত থকা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত ২০০০ মেগাৱাট শক্তি সম্পন্ন বৃহৎ নদীবান্ধ প্ৰকল্পটোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

অৰুণাচল প্ৰদেশৰ ধাৰাষাৰ বৃষ্টিপাতৰ ফলত গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ কাম-কাজ এক প্ৰকাৰে স্থবিৰ হৈ পৰিছে৷ বাঢ়নী পানীয়ে প্ৰকল্পটোৰ কফাৰ ডেম ভাঙি পেলোৱাত প্ৰকল্পস্থলীত একপ্ৰকাৰে প্ৰলয়ৰ সৃষ্টি হৈছে৷ প্ৰকল্পটোৰ পৰা নামি অহা পানীৰ প্ৰৱল সোঁতে বৃহৎ নদীবান্ধ প্ৰকল্পটোৰ কাম কাজ স্থবিৰ কৰি তোলাৰ লগতে চৌদিশে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ নেৰানেপেৰা বৰষুণৰ ফলতে প্ৰকল্পস্থলীত একপ্ৰকাৰে ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে৷ যোৱা ১৩ জুনৰ সন্ধিয়াৰ ভাগত প্ৰকল্পটোৰ এটা কফাৰ ডেম ভাঙি যোৱাৰ ফলতে প্ৰকল্পস্থলী জলমগ্ন হৈ পৰে৷

বান্ধটোৰ স্পীলৱেজেৰে পানী বাগৰাৰ ফলত প্ৰকল্পস্থলীৰ টেলৰেচ চেনেল পানীৰে ভৰ্তি হৈ পৰাত প্ৰকল্পটোত এনে অথন্তৰৰ সৃষ্টি হৈছে৷ আনহাতে চলিত মাহত বিদ্যুৎ উৎপাদনৰ লক্ষ্য স্থিৰ কৰা প্ৰকল্পটোত শেহতীয়াকৈ বহু কেইখন গেটৰ ভিতৰত কেৱল তিনিখন গেটহে সম্পূৰ্ণ হোৱাত বিদ্যুৎ উৎপাদনৰ নিধাৰিত সময় ডিচেম্বৰ মাহলৈ পিছুৱাই দিবলৈ বাধ্য হৈছে এন এইচ পি চি কতৃৰ্পক্ষ৷ অৱশ্যে বাকী থকা ৬ খন গেট শীঘ্ৰে সম্পূৰ্ণ কৰি তোলা হ’ব আৰু ইয়াৰ পিছতে ডিচেম্বৰ মাহৰ পৰা প্ৰথমে ৫০০ মেগাৱাট বিদ্যুৎ শক্তি প্ৰকল্পটোৱে উৎপাদন কৰিব বুলি এন এইছ পি চিৰ এক কতৃৰ্ত্বশীল সূত্ৰই জানিবলৈ দিছে৷

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নামনি সোৱণশিৰীত নিৰ্মাণ কৰা এই জ্বল বিদ্যুৎ প্ৰকল্পটো এদিন নামনি অঞ্চলত ধ্বংসলীলাৰ সৃষ্টি কৰিব। যদি এই প্ৰকল্পৰ ফলত কেতিয়াবা কিবা কাৰণত ধ্বংসলীলা হয় তেন্তে ইয়াৰ বাবে সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ’ব। ইফালে সোৱণশিৰি প্ৰকল্পস্থলীত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ পিছত ইয়াৰ প্ৰভাৱ লখিমপুৰ আৰু ধেমাজি জিলাৰ নামনিলৈও সম্প্ৰসাৰিত হৈছে৷ বিশেষকৈ লখিমপুৰ জিলাৰ নামনি অঞ্চল কাটৰি চাপৰি, ভীমপৰা, ঘূনাসুতি, মঘূৱাচুক, কলাখোৱা, মহাইজান, ছাগলীকটা, এছাৰাকটা, ন-আলি, বদতি জামুগুৰি আদি অঞ্চলসমূহত প্ৰবল বান আৰু খহনীয়াৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি নেৰেনেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ৬ খনকৈ জিলা বানৰ কবলত পৰিছে। বান প্ৰভাৱিত জিলা কেইখন হৈছে লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, কামৰূপ মহানগৰ, নলবাৰী আৰু কাছাৰ। ইয়াৰে কামৰূপ মহানগৰ, নলবাৰী আৰু কাছাৰ জিলাৰ চহৰ অঞ্চল সমূহত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ পৰিবৰ্তে লখিমপুৰ জিলাৰ বানপানীৰ প্ৰভাৱ সবাতোকৈ অধিক। লখিমপুৰৰ নাওবৈচা সমষ্টিত শিঙৰা নদীৰ মাথাউৰি ছিঙি কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে। ডঃ দিব্যজ্যোতি শইকীয়াই বৃহস্পতিবাৰে (১৫ জুন) বান প্ৰভাৱিত কেইবাখনো গাঁও পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।