গুৱাহাটী, ১৫ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ধেমাজি, লখিমপুৰ আৰু ডিব্ৰুগড় জিলাত তাণ্ডৱলীলা (Lakhimpur, Dhemaji and Dibrugarh under water) চলাইছে বছৰৰ প্ৰথমটো বানে। কামৰূপ মহানগৰ, নলবাৰী আৰু কাছাৰৰ চহৰ অঞ্চল কৃত্ৰিম বান। প্ৰথমটো বানত বর্তমানলৈকে প্ৰভাৱিত ২৮ হাজাৰ ৮৭০ জন লোক। ইয়াৰে সর্বসাধিক লোক লখিমপুৰ জিলাৰ। ২১৫.৫৭ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত।

বছৰৰ প্ৰথমটো বানে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ। বিশেষকৈ লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে প্ৰথমটো বানত। লখিমপুৰৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত দ’লহাটৰ শলমাৰীত শিঙৰা নদীৰ মাথাউৰি ছিঙি কেইবাখনো গাঁও ডুব গৈছে বাঢ়নী পানীত। নাওবৈচাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বছৰৰ প্ৰথমটো বানে। নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি পলায়ন কৰিছে বান প্ৰভাৱিত লোকে। পাহাৰীয়া উৎসৰ পৰা বৈ অহা শিঙৰা নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছে বহু লোকৰ ঘৰ।

শিঙৰা নদীৰ বাঢ়নী পানীয়ে লখিমপুৰত সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে নদী-উপনদী সমূহৰ পানী বৃদ্ধি পোৱাত ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ অঞ্চলত ডুব গৈছে বাঢ়নী পানীত। ধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰিছে। বানৰ সমান্তৰালভাৱে গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে নৈপৰীয়া ৰাইজৰ। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে প্ৰশাসনে যুদ্ধকালীন প্ৰচেষ্টা অব্যাহত ৰাখিছে।

চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ৬ খনকৈ জিলা বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে। এই ৬ খন জিলাৰ ২৫ খনকৈ গাঁও বাঢ়নী পানীতৰ তলত আছে। সবাতোকৈ বেছি প্ৰভাৱিত জিলা কেইখন হৈছে লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়। আনহাতে কামৰূপ মহানগৰ, নলবাৰী আৰু কাছাৰ জিলাৰ চহৰ অঞ্চল কৃত্ৰিম বানৰ ফলত প্ৰভাৱিত হৈছে। প্ৰথমটো বানত বর্তমানলৈকে ২৮ হাজাৰ ৮৭০ জন লোক প্ৰভাৱিত হৈছে ইয়াৰে সর্বসাধিক ২৩ হাজাৰ ৫১৬ জন লখিমপুৰ জিলাৰ।

২১৫.৫৭ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত আছে। বৰ্তমানলৈকে বানপানীৰ কবলত পৰি কোনো লোক হতাহত হোৱা নাই। নেৰেনেপেৰা বৰষুণৰ ফলত নদী-উপনদী সমূহৰ পানী ফেনেফুটুকাৰে বৃদ্ধি পাইছে যদিও বৰ্তমানলৈকে সকলো নদী-উপনদী বিপদ সীমাৰ তলত আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত কিছুদিন ৰাজ্যত বৰষুণৰ ধাৰা অব্যৱত থাকিব। ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সম্ভাৱনা আছে।