সোণতলী, ২৫ ডিচেম্বৰঃ এটি নৰপিচাশৰ দলে কামৰূপৰ ৰঙাপানীৰ ছাত্ৰী এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাটোৱে সম্প্ৰতি ৰূদ্ৰ মুৰ্তি ধাৰণ কৰিছে ৷ নিষ্প্ৰাপ নাবালিকা এগৰাকীক পাষণ্ড নৰচপিচাশৰ দলে পহুৰ দৰে ধৰ্ষণ কৰি মৃত্যুৰ মুখলৈ ঠেলি কাৰ্যক সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ শনিবাৰে ৰাতিপুৱা ৭:৩০ বজাত ৯ দিনে মৃত্যুৰ সৈতে যুজি GMCH ত শেষ নিশ্বাস ত্যাগ কৰা ছাত্ৰী গৰাকীৰ মৃতদেহ পৰিয়ালে প্ৰথমতে ছমজি নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উচ্চপদস্থ আৰক্ষী বিষয়া ৰঙাপানীত উপস্থিত হৈ দোষীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিলেহে মৃতদেহ ছমজি ল’ব বুলি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা কালিৰ সন্ধিয়া প্ৰায় ৫-৩০ বজাৰ পৰা ৰঙাপানী বজাৰৰ মাজ মজিয়াত ছয় সহস্ৰাধিক পুৰুষ মহিলাই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে৷ নাবালিকা ছাত্ৰী গৰাকীৰ ধৰ্ষণ কাণ্ডৰ লগত জড়িত দুৰ্বৃত্তৰ ফাচি দাবী কৰে প্ৰতিবাদকাৰী সকলে৷ DSP সচিধৰ পাচালি সন্ধিয়া ৭ মান বজাত প্ৰতিবাদস্থলীত উপস্থিত হৈ ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদ কাৰ্যসূচী উঠাই নিয়ে প্ৰতিবাদকাৰীসকলে৷ পিছত শোকাকুল পৰিৱেশত ৰঙাপানীৰ কবৰস্থানত ছাত্ৰী গৰাকীৰ জানাজা সম্পন্ন কৰা হয় ৷ নিশা ৯:৩০ মান বজাত সম্পন্ন হোৱা জানাজাত প্ৰায় পাঁচ হাজাৰ লোকে অংশ গ্ৰহণ কৰে।