নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা নিবনুৱাসকলৰ বাবে এক সুখবৰ। ডি আৰ ডিত আৰম্ভ হোৱা ২২৪ টা পদৰ বাবে আৱেদন কৰিব পাৰিব প্ৰাৰ্থীসকলে ।

এই বিভাগটোৰ পদসমূহৰ নাম আৰু সংখ্যা ক্ৰমে

১)ষ্টেন’গ্ৰাফাৰ গ্ৰেড-II: ১৩টা পদ।
২)এডমিনিষ্ট্ৰেটিভ এছিষ্টেন্ট (এ): ৫৮টা পদ।
৩)ষ্ট’ৰ এছিষ্টেন্ট (এ): ৩২টা পদ।
৪)ছিকিউৰিটী এছিষ্টেন্ট (এ): ৪০টা পদ।
৫)ক্লাৰ্ক (কেন্টিন মেনেজাৰ গ্ৰেড-III) : ৩টা পদ।
৬)এছিষ্টেন্ট হালৱাই ও ৰান্ধনীঃ ২৮টা পদ।
৭)ভেহিকল অপাৰেটৰ (এ): ২৩টা পদ।
৮)ফায়াৰ ইঞ্জিন ড্ৰাইফাৰ (এ): ৬টা পদ।
৯)ফায়াৰমেনঃ ১৩টা পদ।

ডি আৰ ডি অৰ্থাৎ ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যনৰ উক্ত পদসমূহত চাকৰিৰ বাবে অনলাইন আৱেদন কৰিব পাৰিব। আৱেদন কৰাৰ অন্তিম তাৰিখ ১৫ অক্টোবৰ, ২০১৯।

আৱেদনকাৰী বয়স বয়স ১৮ৰ পৰা ২৭ বছৰ । আৱেদন মাচুল ১০০ টকা। ইতিমধ্যে ২১ ছেপ্টেম্বৰৰ পৰা এই পদসমূহত আৱেদন আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে drdo.gov.in ত গৈ অনলাইন আৱেদন কৰিব পাৰিব।