ধুবুৰী : দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। এটা মাহৰ ভিতৰত ৫৭৭ টা পৰিয়ালৰ মাটি-ভেটি জাহ গৈছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত। ভাবুকি আহি পৰিছে কেইবাটাও চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি। ব্ৰহ্মপুত্ৰ নদী কাষ চপা মছজিদৰ সামগ্ৰী স্থানান্তৰ কৰি শেষ বাৰৰ বাবে মছজিদত নামাজ আদায় কৰি খহনীয়াৰ পৰা ৰক্ষা কৰাৰ বাবে আল্লাৰ ওচৰৰ দোৱা খহনীয়াগ্ৰস্ত ৰাইজৰ।

ধুবুৰী জিলাৰ অধীনস্থ দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জৰ পৰা মাটিফাটা সূৰ্যমনিলৈ প্ৰতিদিনে ২০-২৫ টাকৈ পৰিয়ালৰ মাটি-ভেটি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যোৱাৰ ফলত বিগত এটা মাহৰ ভিতৰত অঞ্চলটোত ৫৭৭ টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ নদীৰ বুকুত জাহ গৈছে। মছজিদ, শিক্ষানুষ্ঠান, সাধাৰণ লোকৰ ঘৰৰ পৰা আৰম্ভ কৰি খেতি পথাৰলৈ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত এফালৰ পৰা প্ৰতিদিনে জাহ যাবলৈ আৰম্ভ হৈছে দক্ষিণ শালমাৰাত।

দক্ষিণ শালমাৰা গৰাখহনীয়া প্ৰভাৱিত অঞ্চল, বানপানী অহাৰ পূৰ্বে প্ৰতি বছৰে দক্ষিণ শালমাৰাত ঠায়ে ঠায়ে গৰাখহনীয়া আৰম্ভ হয়, নদীৰ বুকুত জাহ যায় সহস্ৰাধিক লোকৰ ঘৰ-দুৱাৰ, হেজাৰ হেজাৰ বিঘা কৃষি ভূমি। এইবাৰো ব্যতিক্ৰম নহ’ল মাত্ৰ এটা মাহৰ ভিতৰত ৫৭৭ টা পৰিয়ালৰ ঘৰ-দুৱাৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গ’ল। ইতিমিধে ৫৭৭ টা পৰিয়ালে বিভিন্ন চৰকাৰী অনুষ্ঠান, চৰকাৰী প্লেট ফৰ্ম তথা ৰাস্তাৰ উপৰিও একাংশ লোকে কৃষি ভূমি আৰু ভাড়া ঘৰত আশ্ৰয় লবলৈ আৰম্ভ কৰিছে।

তাৎপৰ্যপূৰ্ণ বিষয় এয়া যে জিলা প্ৰশাসনৰ ফালৰ পৰা খহনীয়াগ্ৰস্ত লোকক উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইতিমধ্যে মাটিফাটাৰ ধৰ্মীয় অনুষ্ঠান, মাদ্ৰাছা, মছজিদ, বজাৰ আদিৰ প্ৰতি ভাবুকি আহি পৰিছে। মছজিদৰ কাষ চাপিছে ব্ৰহ্মপুত্ৰ নদী ফলত মছজিদৰ সকলো সামগ্ৰী স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰিছে ৰাইজে। শেষ বাৰৰ বাবে মছজিদত নামাজ আদায় কৰি গৰাখহনীয়াৰ পৰা অঞ্চলটোক ৰক্ষা কৰিবলৈ আল্লাৰ ওচৰৰ দোৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে ৰাইজৰ।