সংবাদ ৩৬৫ ডেস্ক, ১০ জুনঃ অসম বিশ্ববিদ্যালয় চৌহদৰ পৰা অপহৃত তিনি বছৰীয়া কণমানি শিশু তৃষা ৰয় চৌধুৰীক মেঘালয়ত উদ্ধাৰ কৰা হয়৷ মেঘালয়ৰ ক্লিয়েহৰিয়াটত চুলি কটাবলৈ নিওঁতে এজন স্থানীয় লোকে তৃষাক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাৰ নেতৃত্বত এটা দলে তৃষাক উদ্ধাৰ কৰে৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে কণমানি তৃষা৷ উল্লেখ্য যে, তৃষা ৰয় চৌধুৰী অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক শুভদীপ চৌধুৰীৰ কন্যা৷ যোৱা ৫ জুনৰ পৰা অসম বিশ্ববিদ্যালয় চৌহদৰ পৰা সন্ধানহীন হৈ আছিল তৃষা৷ তৃষাৰ লগতে বনকৰা যুৱতী নেহা বাগতি সন্ধানহীন হৈ থকাত নেহা তৃষাক অপহৰণ কৰাৰ সন্দেহ কৰা হৈছিল৷ কিন্তু অপহৰণকাৰীয়ে মুক্তিপণ বিচাৰি তৃষাৰ পৰিয়ালক ফোন নকৰাত সমগ্ৰ ঘটনাটো অধিক ৰহস্য মাজত সোমাই পৰিছিল৷ বিগত চাৰিদিনত উত্তৰ কাছাৰ আৰক্ষী তৃষাৰ সম্ভেদ উলিওৱাত ব্যৰ্থ হোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সেনোৱালৰ নিৰ্দেশত ৰাজ্যৰ আইন শৃংখলাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা যোৱাকালি শিলচৰত আহি তৃষাৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখে৷ আগৰৱালাৰ নেতৃত্বত সমগ্ৰ বৰাক উপত্যকাৰ লগতে চুবুৰীয়া ৰাজ্য মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয় আৰক্ষীৰো সহায় লোৱা হয়৷