গুৱাহাটী, ২৩ অক্টোবৰ, ২০২৩ : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লোকবিদ ডঃ বীৰেন্দ্ৰনাথ দত্তৰ (Birendranath Dutta) দেহাৱসানত ডঃ দিব্যজ্যোতি শইকীয়াৰ শোক প্ৰকাশ। সোমবাৰে পুৱা চিকিৎসাধীন অৱস্থাত ৰাজ্যৰ এগৰাকী বিশিষ্ট নাগৰিক ডঃ বিৰেন্দ্ৰনাথ দত্তই ইহলীলা সম্বৰণ কৰে। প্ৰায় নব্বৈ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা ডঃ বীৰেন্দ্ৰনাথ দত্ত অসমৰ এগৰাকী প্ৰখ্যাত শিক্ষাবিদ, লোক কলাৰ গৱেষক তথা লেখক আছিল৷

তেওঁ সংগীত শিল্পী হিচাপেও জনপ্ৰিয় আছিল। তেওঁ ২০০৯ চনত ‘‘সাহিত্য আৰু শিক্ষা’’ৰ ক্ষেত্ৰত পদ্মশ্ৰী বঁটা আৰু ২০১০ চনত ‘‘শংকৰ মাধৱৰ মণীষা আৰু অসমৰ সাংস্কৃতিক উত্তৰাধিকাৰ’’ গ্ৰন্থৰ বাবে ১২ তম জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা লাভ কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ দুবাৰকৈ সভাপতিৰ পদ অলংকৃত কৰিছিল।

১৯৩৫ চনৰ ৪ নৱেম্বৰত নগাঁৱত জন্ম লাভ কৰা ডঃ বীৰেন্দ্ৰনাথ দত্তৰ পিতৃ কল্পনাথ দত্ত আৰু মাতৃ মন্দাকিনী দত্ত আছিল। কল্পনাথ দত্ত এগৰাকী বিদ্যালয়ৰ শিক্ষক আছিল আৰু চাকৰিসূত্ৰে নগাঁৱত বাস কৰিছিল। তেওঁলোকৰ পৰিয়াল পূৰ্ব্বে বাইহাটা চাৰিআলিৰ ওচৰৰ পানাৰা গাঁৱৰ আছিল। অসমৰ এইগৰাকী মহীৰূহৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে যুক্তিবাদী চিন্তাবিড, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

ডঃ শইকীয়াই শোক সন্তপত্ত পৰিয়ালক সমবেদনা জনাই তেওঁ কয় যে অসমে এজন জ্ঞানদীপ্ত আভাৰে আলোকিত নক্ষত্ৰক হেৰুৱালে। ধীমান ব্যক্তিত্বৰে ভৰা ডঃ বীৰেন্দ্ৰনাথ দত্তই সুগভীৰ চিন্তা চেতনাৰে সাহিত্য আৰু সাংস্কৃতিক দিশত দি গ’ল বহু অৱদান। তেখেতৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে।