তিনিচুকীয়া, ২২ অক্টোবৰ, ২০২৩ : এক নৃশংস হত্যাকাণ্ড। চাহ বাগিচাত নৃশংসভাৱে হত্যা এগৰাকী মহিলাক। স্বমীয়ে মহিলা গৰাকীক মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ (Husband Killed Wife)। মহিলা গৰাকীৰ স্বামী পলাতক অৱস্থাত আছে। আৰক্ষীয়ে মহিলা গৰাকীৰ স্বামীক বিচাৰি অব্যাহত ৰাখিছে অভিযান। হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। এই নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ৰাজ্যজুৰি শাৰদীয় দুৰ্গা পূজক লৈ এক উখল মাখল পৰিৱেশ। মণ্ডপে মণ্ডপে দেৱীৰ পূজা-অৰ্চনা। দুৰ্গা পূজাৰ এই আনন্দৰ পৰিৱেশৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। স্বামীয়ে মৰিয়াই মৰিয়াই পত্নীক হত্যা কৰিছে। এই নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ ফিলবাৰীত। মহা সপ্তমী নিশা ফিলবাৰীত স্বামীৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই।মহিলা গৰাকীক স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ।

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ফিলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণপুৰত এখন ব্যক্তিগত চাহ বাগিচাত শনিবাৰৰ নিশা সুনীয়া ভূমিজ নামৰ এগৰাকী মহিলাক মৰিয়াই মৰিয়াই স্বামীয়ে হত্যা কৰাৰ সন্দেহ। দেওবাৰে পুৱা চাহ বাগিচাৰ মাজত সুনীয়া ভূমিজ নামৰ মহিলা গৰাকীৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মহিলাগৰাকীৰ স্বামী বিজু ভূমিজে মহিলা গৰাকীক নিশা হত্যা কৰি চাহ বাগিচাত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোক সকলে। অত্যাধিক সুৰা পান কৰি মাতাল হৈ বিজু ভূমিজে পত্নীক নৃশংসভাৱে হত্যা কৰা বুলি আৰক্ষী প্ৰশাসন আৰু ওচৰ-চুবুৰীয়া ৰাইজে সন্দেহ প্ৰকাশ কৰিছে কৰিছে। ইফালে নিশাৰ পৰাই সুনীয়া ভূমিজৰ স্বামী বিজু ভূমিজ পলাতক অৱস্থাত আছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বিজু ভূমিজক বিচাৰি অভিযান আৰম্ভ কৰিছে।

স্থানীয় এজন যুৱকে জানিবলৈ দিয়ে যে নিশা বিজু ভূমিজ যুৱকজনৰ ঘৰৰ পৰা দুবাৰ ভাত খুজি খাই শুবলৈ গৈছিল। বিজু ভূমিজে সেই সময়ত পৰিধান কৰা কাপোৰত তেজৰ দাগ লাগি আছিল। মাজ নিশা বিজু ভূমিজ ঘৰৰ পৰা পলায়ান কৰে। হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও সুৰাৰ ৰাগীত।মাতাল হৈ বিজু ভূমিজে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এই নৃশংস।হত্যাকাণ্ডৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।