Kidnapping : গুৱাহাটীৰ পৰা দুটি শিশুৰ অপহৰণৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ

In ৰাজ্য
Umra Package

গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক অপহৰণকাণ্ড (Kidnapping)। মহানগৰীৰ পৰা অপহৰণ হৈছে দুই শিশুৰ। শিশু দুটিৰ বয়স ৯ আৰু ৪ বছৰ বুলি জানিব পৰা গৈছে। শিশু দুটিৰ অপহৰণৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

মহানগৰী গুৱাহাটীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক ঘটনা। চুৰ, ডকাইতি, হত্যা, অপহৰণৰ ঘটনা সাধাৰণ অপৰাধত পৰিণত হৈছে মহানগৰীত। অপৰাধমূলক ঘটনা নিয়ন্ত্ৰণ কৰাত যেন সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন। পুনৰ ইয়াকে প্ৰমাণ কৰিলে এক অপহৰণকাণ্ডৰ ঘটনাই।

মহানগৰীৰ তেতেলীয়া অঞ্চলৰ পৰা দুটি শিশুৰ আহৰণৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। শিশু দুটিক ঘৰৰ চোতালত খেলি থকা অৱস্থাতে অপহৰণ কৰা হয় বুলি জানিব পৰা গৈছে। চোতালত খেলি থকা অৱস্থাত এটা চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তই শিশু দুটিক অপহৰণ কৰে বুলি শিশু দুটিৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

অপহৃত শিশু দুটিৰ নাম বিবেক কুমাৰ আৰু অজিত কুমাৰ বুলি জানিব পৰা গৈছে। ইয়াৰে এটি শিশুৰ বয়স ৯ বছৰ আৰু আনটি শিশুৰ বয়স ৪ বছৰ। বিহাৰৰ দুজন লোকে শিশু দুটিক অপহৰণ কৰা বুলি শিশু দুটিৰ পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। ৰাহুল আৰু চাজন নামৰ বিহাৰৰ দুজন লোক এই অপহৰণকাণ্ডৰ লগত জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে।

শিশু দুটিৰ অপহৰণৰ ঘটনাকলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ সাফল্য লাভ কৰা নাই আৰক্ষীয়ে। ইফালে শিশু দুটিৰ আহৰণৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ তেতেলীয়া অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিব অপহৰণকাণ্ডৰ সকলো তথ্য।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu