ৰূপহীহাট : ৰাজ্যজুৰি অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বিশেষকৈ নগাঁও জিলাত নগাঁও আৰক্ষীয়ে অধিক তীব্রতৰ কৰি ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী।

শনিবাৰে ৰোহীহাট আৰক্ষীয়ে পুনৰ এক ড্ৰাগছ বিৰোধী অভিযান চলাই এক সাফল্য লাভ কৰিবলৈ সক্ষম হয়। এক গোপন খবৰৰ ভিত্তিত ৰূপহীহাটৰ শালপাৰাত ৰূপহীহাট আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে।

ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত চলিছিল এক ড্ৰাগছ বিৰোধী অভিযান। ৰূপহীহাট আৰক্ষীৰ দল এটা গ্ৰাহকৰ ৰূপত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীজনক। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা হেৰ’ইন ভৰ্তি ৫ টা কন্টেইনাৰ মোবাইল ফোন আৰু কিছু নগদ টকা জব্দ কৰে।

ৰূপহীহাটৰ পশ্চিম শালপাৰাত সুৰুজ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনে ড্ৰাগছ বিক্ৰী কৰি থাকৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। উক্ত খবৰৰ ভিত্তিত আৰক্ষীৰ দল পশ্চিম শালপাৰাত গ্ৰাহকৰ ৰূপত উপস্থিতি হৈ সুৰুজ আলীক গ্ৰেপ্তাৰ কৰে। ধৃত সুৰুজ আলীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয় বেহা চলাই আছিল।