আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত বিধায়ক পুঁজিৰ দ্বাৰা ষ্ট্ৰীট লাইট সংযোগৰ শুভাৰম্ভ। পৌৰসভা নিৰ্বাচনত ৰাইজৰ দলে জয়লাভ কৰিলে ৰাজ্যৰ ভিতৰত শিৱসাগৰ নগৰক জিলিকাই তোলাৰ প্ৰতিশ্ৰুতি বিধায়ক অখিল গগৈৰ। সমষ্টিটোৰ উন্নয়ৰ ক্ষেত্ৰত বিজেপিয়ে বাধা আৰোপ কৰাৰ অভিযোগ বিধায়ক গৰাকীৰ।

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিধায়ক পুঁজি (২০২১-২০২২) বৰ্ষৰ ১,৪০,৮৮৫ টকা ব্যয়েৰে নপাম গাঁৱৰ ১০ নং ৱাৰ্ড আৰু বনফুল নগৰৰ ৯ নং ৱাৰ্ডৰ কমলালয়া হাইস্কুল চাৰিআলিৰ পৰা দিখৌ দলং লৈকে ষ্ট্ৰীট লাইট সংযোগী কামৰ শুভাৰম্ভ কৰে। ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অভিযোগ উথাপন কৰি কয় যে, সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰে যথেষ্ট বাধা আৰোপ কৰি আহিছে।

নিজৰ বিধায়ক পুঁজিৰ পৰা ব্যয় কৰি ষ্ট্ৰীট লাইটৰ শুভাৰম্ভ অনুষ্ঠানত আৰ আই ডি এফৰ দুটা পেকেজৰ অধীনত মানকাটা তিনিআলিৰ পৰা পহুগড়লৈকে এক কিলোমিটাৰ তিনিশ মিটাৰ দৈৰ্ঘ্য আৰু আনটো দুবৰণি আলিৰ পৰা পুৰণি পুখুৰীলৈকে তিনি কিলোমিটাৰ পাঁচশ বিশ মিটাৰ দৈৰ্ঘ্যৰ কাম অহা দুদিনত আৰম্ভ হ’ব বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে।শিৱসাগৰ পৌৰসভা নিৰ্বাচনত ৰাইজে ৰাইজৰ দলক আদৰি ল’লে দুমাহৰ ভিতৰত পৰিষ্কাৰ নগৰ আৰু ছমাহৰ ভিতৰত বিশুদ্ধ খোৱাপানীৰ যোগান দিয়াৰ ব্যৱস্থা কৰিব বুলিও কয় বিধায়ক গৰাকীয়ে।