আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰত লিভাৰ ট্ৰেন্সপ্লেন্টৰ নামত দুষ্ট চক্ৰৰ ভয়ংকৰ বেহা। এগৰাকী ৰোগাক্ৰান্ত কিশোৰীৰ পৰিয়ালৰ পৰা কৌশলেৰে ধন সৰকোৱা কুখ্যাত চক্ৰৰ নায়ক দেৱজিত শৰ্মা ওৰফে ৰাজীৱ শৰ্মা আৰক্ষীৰ জালত। উজনিৰ বিভিন্ন ৰোগাক্ৰান্ত ব্যক্তিক প্ৰবঞ্চনাৰে লাখ লাখ টকা সৰকাই অহা অভিযোগ দেৱজিত শৰ্মা ওৰফে ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে।

প্ৰবঞ্চক দেৱজিত শৰ্মা ওৰফে ৰাজীৱ শৰ্মাক পুৱতি নিশা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বীৰ লাচিত সেনাৰ সহযোগত দুৰ্ভগীয়া কিশোৰী গৰাকীৰ পৰিয়ালে শিৱসাগৰ সদৰ আৰক্ষী থানাত প্ৰবঞ্চক দেৱজিত শৰ্মা ওৰফে ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে এক গোচৰ
ৰুজু কৰিছিল।

জানিব পৰা মতে শিৱসাগৰৰ জাঁজীৰ ফুলপানী ছিগাৰ মানিক দত্তৰ ৰোগাক্ৰান্ত কন্যা ঋতুপৰ্ণা দত্তৰ পৰিয়ালৰ পৰা ৩ লাখ ২৫ হেজাৰ টকা প্ৰবঞ্চনাৰে সৰকাই লোৱাৰ পিছতে মৰাণৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক দেৱজিৎ শৰ্মা ওৰফে ৰাজীৱ শৰ্মাক। অইলৰ চিআৰচি ফাণ্ডৰ পৰা লিভাৰ ট্ৰেন্সপ্লেন্টৰ বাবে ৮০ লাখ টকা উলিয়াই দিব বুলি আশ্বাস দি ৰোগাক্ৰান্ত ঋতুপৰ্ণা দত্তৰ পৰিয়ালৰ পৰা ৩ লাখ ২৫ হেজাৰ টকা লুটিছিল প্ৰবঞ্চকটোৱে।

চিআৰচি ফাণ্ডৰ বাবে বিশেষ পঞ্জীয়ন কৰিব লাগিব বুলি কৈ দেৱজিৎ শৰ্মা ওৰফে ৰাজীৱ শৰ্মাই পৰিয়ালটোৰ পৰা লৈছিল ধানখিনি। কিন্তু পিছত যুৱতী গৰাকীক এক্সিক বেংকৰ ৮০ লাখ টকাৰ ভুৱা চেক প্ৰদান কৰাৰ পিছতে পোহৰলৈ আহে প্ৰবঞ্চনাৰ তথ্য। উপায়হীন হৈ ৰোগাক্ৰান্ত যুৱতী গৰাকীৰ পৰিয়াল আৰু বীৰ লাচিত সেনাই শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰিছিল।

৫৬/২০২২ নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৪২০/৪৬৮ অধীনত গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চকটোক। উল্লেখ্য যে দেৱজিৎ শৰ্মা ওৰফে ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে উজনিৰ কেইবাখনো থানাত পূৰ্বৰে পৰা প্ৰবঞ্চনাৰ কেইবাটাও গোচৰ ৰুজু হৈ থকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। আনকি ৪ মাহ পূৰ্বে জেলৰ পৰা মুকলি হৈ আহিছিল প্ৰবঞ্চক দেৱজিৎ শৰ্মা ওৰফে ৰাজীৱ শৰ্মা। মৰাণহাটত থকা প্ৰবঞ্চকটোৰ অট্টালিকাৰ পৰা আৰক্ষীয়ে প্ৰবঞ্চক দেৱজিৎ শৰ্মা ওৰফে ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰে।