নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ অক্টোবৰ : এতিয়াৰে পৰা কলেজৰ পোছাক পৰিধান কৰি ফটো আৰু টিকটক ভিডিও বনাব নোৱাৰিব । পিছে এইয়া প্ৰযোজ্য হৈছে কেৱল এখন মহাবিদ্যালয়তহে ।

১৯৭০ চনত স্থাপিত হোৱা নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই সিদ্ধান্ত। মহাবিদ্যালয়খনত নিষিদ্ধ কৰা হ’ল সামাজিক মাধ্যম ফেচবুক আৰু টিকটক। মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে কলেজৰ পোছাক পৰিধান কৰি ফেচবুকত ফটো আপলোড কৰিব নোৱাৰিব আৰু টিকটকো বনাব নোৱাৰিব।

সামাজিক মাধ্যম সমূহৰ জৰিয়তে বহুতো ছাত্ৰ-ছাত্ৰীয়ে অসমাজিক কাম-কাজত জড়িত হৈ এক উশৃংখলতাৰ সৃষ্টি কৰিছে যাৰ বাবে বিদ্যালয়-মহাবিদ্যালয় সমূহৰ গৰিমা, মান-মৰ্যাদা ক্ৰমাৎ হ্ৰাস পাইছে বা হেৰুৱাব লগীয়া হৈছে। সেইবাবে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাই উক্ত জাননী জাৰি কৰে।

মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ এই সিদ্ধান্তক মানি লৈছে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলেও।