নিউজ ডেস্ক, ৮ মে’ : ভাৰতীয় বায়ু সেনাৰ বিমান দুর্ঘটনাগ্ৰস্ত (IAF Flight Crash)। ঘৰৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বায়ু সেনাৰ মিগ-২১ বিমান। দুর্ঘটনাগ্ৰস্ত বিমানখনৰ পাইলটজন সুৰক্ষিত যদিও তিনি গৰাকী মহিলাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। পাইলটজনে পেৰাচুটৰ সহযোগত বিমানখনৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰে।

ভাৰতীয় বায়ু সেনাৰ এখন মিগ-২১ (Mig-21 Fighter Plane) বিমান ৰাজস্থানৰ হনুমানগড়ত দুৰ্ঘটনাগ্ৰস্ত হৈছে। বিমান দুৰ্ঘটনাত পাইলটজন নিৰাপদে আছে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দুর্ঘটনাগ্ৰস্ত মিগ-২১ বিমানখন এখন ঘৰৰ চাদত পৰাত ৩ গৰাকী মহিলাৰ মৃত্যু হৈছে। দুৰ্ঘটনাগ্ৰস্ত বায়ু সেনাৰ মিগ-২১ যুঁজাৰু বিমানখনৰ পাইলটজনে পেৰাচুট ব্যৱহাৰ কৰি সময়মতে বিমানখনৰ পৰা জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰে।

এই বিমান দুৰ্ঘটনাৰ কাৰণ জানিবলৈ এখন তদন্ত সমিতি গঠন কৰা হৈছে বুলিও জানিব পৰা গৈছে। বিকানেৰৰ আৰক্ষী মহাপৰিদৰ্শক ওম প্ৰকাশে জানিবলৈ দিয়া মতে, হানুমানগড় জিলাৰ পিলিবাঙাৰ সমীপত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত তিনিগৰাকী মহিলা নিহত হোৱাৰ লগতে তিনিগৰাকী মহিলা আহত হৈছে। বিমান দুৰ্ঘটনাত মৃত্যু হোৱা মহিলা তিনি গৰাকী হৈছে বংসো কৌৰ, বান্টো আৰু লীলাদেৱী।তেওঁ লগতে কয় যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানত বৃহৎ সংখ্যক লোক সমবেত হয়।

দুর্ঘটনাগ্ৰস্ত বায়ু সেনাৰ মিগ-২১ যুঁজাৰু বিমানখন একক আসনৰ বিমান আছিল। বিমানখন দুর্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে পাইলটজনে বিমানখনত কাৰিকৰী ক্ৰুটি হোৱাৰ খবৰ দিছিল। পাইলটজনে বিমানখন গাঁৱৰ পৰা আঁতৰাই নিয়াৰ বাবে চেষ্টা কৰিছিল যদিও বিমানখন গাঁৱৰ ফালে লৈ গৈছিল। পাইলটজনে অৱশেষত বিমানখন নিয়ন্ত্ৰণ কৰিব নোৱাৰি নিজৰ প্ৰাণ ৰক্ষাৰ বাবে পেৰাচুটৰ সহায়ত বিমানখনৰ পৰা জপিয়াই পৰে।

বিমানখনৰ দুর্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। ইফালে বিমানখন ঘৰৰ চাদত পৰাৰ সময়ত চাদত।কেইবাজনো লোক আছিল বুলি জানিব পৰা গৈছে। এই ঘটনাত আহত হোৱা সকলক ততাতৈয়াকৈ চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে।