যোৰহাট, ১৭ নৱেম্বৰঃ  ২৩ নবেম্বৰৰ পৰা পুনৰ আমৰণ অনশন কাৰ্যসূচী হাতত লৈছে দুৰ্নীতি বিৰোধী যৌথ সংগ্ৰামী মঞ্চই। যোৰহাটৰ জনতা পেৰেডাইজত অনুস্থিত এক সংবাদমেলত এই কথা সদৰী কৰে দুৰ্নীতি বিৰোধী যৌথ সংগ্ৰামী মঞ্চই। কেগৰ প্ৰতিবেদনত ফাদিল হোৱা যোৰহাটৰ বিভিন্ন উন্নয়নৰ বাবে আৱণ্টিত ২০০ কোটি টকা আৰু ৫০ কোটি টকাৰ আনটাইড ফাণ্ড কেলেংকাৰী সন্দৰ্ভত কেলেংকাৰীৰ মূল অভিযুক্ত সোলাংকী বিশাল বসন্ত আৰু অন্যান্যসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ দাবীত সংগ্ৰামী কাৰ্যসূচী ব্যাপক ৰূপত অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুৰ্নীতি বিৰোধী যৌথ সংগ্ৰামী মঞ্চই । বিগত ২৩ অক্টোবৰ পৰা আৰম্ভ কৰা আমৰণ অনশনৰ কাৰ্যসূচী বিষয়টোৰ সংক্ৰান্তত যোৰহাট জিলা প্ৰশাসনে ইতিবাচক পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত অসম চৰকাৰৰ পৰা সহযোগিতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত সাময়িকভাবে যোৱা ২৫ অক্টোবৰ পৰা ১৫ দিনৰ সময়সীমাৰে স্থগিত ৰখা হৈছিল অনশন কাৰ্যসূচী আৰু লগতে যোৱা ৫ অক্টোবৰ তাৰিখে মাজুলী ভ্ৰমণৰ বাবে অহা মুখ্যমন্ত্ৰীক এই বিষয়টোৰ সন্দৰ্ভত এখন স্মাৰক পত্ৰও প্ৰদান কৰা হৈছিল । কিন্তু প্ৰায় ২১ দিন উকলি যোৱাৰ পিছতো বিষয়টোৰ সন্দৰ্ভত চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে মঞ্চই পুনৰ অহা ২০ নবেম্বৰৰ পৰা সাময়িকভাবে স্থগিত ৰখা আমৰণ অনশন কাৰ্যসূচী বাহাল ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমৰণ অনশন কাৰ্যসূচীৰ সমান্তৰালভাৱে বিষয়টোৰ সম্পৰ্কত গণ স্বাক্ষৰও গ্ৰহণ কৰিব বুলি মঞ্চই জানিবলৈ দিয়ে ।