গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ১৭ নৱেম্বৰঃ  ১৫০ বছৰত ভৰি দিলে গোৱালপাৰাৰ ঐতিহ্যমণ্ডিত পৃথিৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়খনে। আজিৰ পৰা আৰম্ভ হল বিদ্যালয়খনত বছৰ যোৰা ১৫০ বছৰীয়া জয়ন্তী উদযাপন কাৰ্যসূচী যত মিলিত হল বিদ্যালয়খনৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্রীসকল। এক উখল মাখল পৰিবেশৰ মাজত ছাত্ৰ ছাত্ৰী আৰু শিক্ষা গুৰুসকলে বিদ্যলয়খনত উদ্বোধন কৰিলে দুদিনীয়া উদযাপন কাৰ্যসূচী।ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰে গোৱালপাৰা জিলাৰ উপায়ুক্ত ঘনাশাম দাসে আৰু স্মৃতি তৰ্পন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা গোৱালপাৰা জিলাৰ প্ৰাক্তন বিধায়ক বিনয় কৃষ্ণ দাসে। ১০.৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বৰ্তমানৰ বৰপেটা জিলাৰ উপায়ুক্ত তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ থানেশ্বৰ মালাকাৰে। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উইলিয়ামচন চাংমা, কৰ্ণেল স্বৰাজ ঘোষ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য নিৰ্মল কুমাৰ চৌধুৰী, বিজ্ঞানী অনাথবন্ধু দাস, লেখক তথা সাতসৰীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য, সংগীত পৰিচালক মৃণাল কান্তি মেধিকে আদি কৰি ভালেমান কৃতি ব্যক্তি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। উল্লেখযোগ্য যে বিদ্যালয়খনৰ ১৫০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানত দেশৰ মহামান্য ৰাষ্ট্ৰপতিৰ লগতে আন আন বিশিষ্ট ব্যক্তি সকলক আমন্ত্ৰণ কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে ।