গুৱাহাটী, সংবাদ ৩৬৫, ২৭ অক্টোবৰ : ২৭ বৰ্ষত ভৰি দিলে মহানগৰীৰ লংকেশ্বৰস্থিত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ে। শণিবাৰে মহাবিদ্যালয়খনত অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। গীতে মাতে জীপাল হৈ পৰে মহাবিদ্যালয়ৰ বাকৰি।

উক্ত সভাৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ মুকলি কৰা হয়। প্ৰেক্ষাগৃহটো আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই।

সাধাৰণ ৰাইজৰ দান বৰঙণিৰে পৰিচালিত হোৱা গুৱাহাটীৰ এখন অন্যতম মহাবিদ্যালয় হৈছে এই মহাবিদ্যালয়খন। তাৰোপৰি মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী ‘শিক্ষাবন্তি’ উন্মোচন কৰা হয় এই অনুষ্ঠানত।

আনহাতে এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ হৰি প্ৰসাদ শৰ্মা, অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অঞ্জলি কৰ্মকাৰকে প্ৰমুখ্য কৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে সাংবাদিকৰে মুখামুখি হৈ কুইন ওজাই বিজেপিৰ জনপ্ৰিয়তাৰ আৰৰ কথা প্ৰকাশ কৰে। বিজেপিয়ে প্ৰতিজন মানুহক স্পৰ্শ কৰিছে। জনসম্পৰ্কৰ ক্ষেত্ৰত বিজেপিয়ে লৈছে এটা উল্লেখনীয় পদক্ষেপ। দেশৰ ইতিহাসত আজিলৈ কোনে দলে এনেকৈ সাধাৰণ মানুহৰ মাজত সোমাই যাব পৰা নাই বুলি কয় গুৱাহাটীৰ সাংসদগৰাকীয়ে।