সৰভোগ, ১৬ অক্টোবৰ, ২০২৩ : পুনৰ এক পৰকীয়া প্ৰেম কাহিনী (Extramarital Affair)। পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পৰকীয়া প্ৰেমৰ বাবেই ভাঙি থান বান হ’ল এখন সুখৰ সংসাৰ। স্বামীৰ অভিযোগ পত্নী আন যুৱকৰ সৈতে আছে প্ৰেমৰ সম্পৰ্ক, পত্নীৰ পৰিয়ালৰ অভিযোগ স্বামী পৰিয়ালে নিৰ্যাতন চলোৱাৰ বাবে ভাঙিছে সংসাৰ।

অবৈধ প্ৰেমৰ বাতৰিয়ে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি থকাৰ সময়তে এইবাৰ অবৈধ প্ৰেমৰ বাবে এখন সুখৰ সংসাৰ ভাঙি থান বান হ’ল। বৰপেটা জিলাৰ সৰভোগৰ ডেগাৰবড়ী টেঙা গাঁৱত পত্নীৰ অবৈধ প্ৰেমৰ বাবেই সংসাৰখন ভাঙি থান বান হোৱাৰ অভিযোগ স্বামীৰ। ৪ বছৰীয়া পুত্ৰ সন্তান থকাৰ পিছতো পত্নী আন যুৱকক প্ৰেৰণ কৰে অশ্লীল মেছেজ বুলি স্বামীৰ অভিযোগ।

পাঁচ বছৰ পূৰ্বে সৰভোগৰ ডেগাৰবড়ী টেঙা গাঁৱৰ নুৰ ইছলামৰ পুত্ৰ আশ্ৰাফুল ইছলামৰ লগত ৰঙিয়াৰ উদিয়ানাৰ ধকততলা গাঁৱৰ ৰুবুল আলীৰ কন্যা ৰিমা বেগম বিবাহ হৈছিল। চাৰি বছৰীয়া পুত্ৰ সন্তানৰ সৈতে দুয়োৰে সুখৰ সংসাৰ চলি আছিল যদিও ৰঙিয়াৰ বালাপাৰাৰ ফিৰোজ খান নামৰ এজন যুৱকৰ সৈতে পৰকীয়া প্ৰেমত ৰিমা বেগম লিপ্ত হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে আশ্রফুল ইছলামে।

আশ্রফুল ইছলামৰ মতে ৰিমা বেগম ফিৰোজ খান নামৰ যুৱকজনৰ সৈতে ফোনত ব্যস্ত থাকে। দুয়োৰে মাজত আদান-প্ৰদান হয় বিভিন্ন ধৰণৰ অশ্লীল মেছেজ। এই সম্পৰ্কে আশ্রফুল ইছলামে ৰিমা বেগমৰ পিতৃ পৰিয়ালক অৱগত কৰিছিল যদিও পিতৃ পৰিয়ালে কোনোধনৰ পদক্ষেপ গ্ৰহণ নকৰি এসপ্তাহৰ বাবে কন্যাক নিজ গৃহত লৈ যায়। ডেগাৰবড়ী গাঁৱৰ সচেতন ৰাইজ আৰু গৰীয়া-মৰীয়া-দেশী জনগোষ্ঠীৰ সংগঠনৰ লগত এক চুক্তি প্ৰত্ৰ মৰ্মে পিতৃয়ে এসপ্তাহৰ বাবে ৰিমা বেগমক নিজ ঘৰলৈ লৈ আহিছিল কিন্তু এতিয়া ৰিমা বেগমে স্বামী ঘৰলৈ উভতি নাযায়।

ইয়াৰ পিছতে আশ্ৰাফুল ইছলামে পত্নী ৰিমা বেগমক নিজৰ ঘৰলৈ উভতাই অনাৰ কাৰণে উকীল নোটিছ পঠিয়াইছিল। কিন্তু সোমবাৰে হঠাৎ ৰিমা বেগমৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকে সৰভোগ থানা আৰোক্ষীৰ সহযোগত সৰভোগৰ ডেগাৰবড়ী টেঙা গাঁৱৰ আশ্ৰাফুল ইছলামৰ ঘৰত উপস্থিত হৈ ঘৰৰ সকলো সামগ্ৰী লৈ যায়। ইফালে ৰিমা বেগমৰ পিতৃ পৰিয়ালে অভিযোগ কৰে যে স্বামী ঘৰত নিৰ্যাতনৰ বলি হোৱাৰ বাবেই ৰিমা বেগম স্বামী ঘৰত নাথাকে। এতিয়া কোন সঁচা, কোন মিছা, ইয়াৰ সঠিক উত্তৰ আছে স্বামী-স্ত্ৰীৰ লগত, কিন্তু ৪ বছৰীয়া পুত্ৰ সন্তানটিৰ মুখৰ ফালে এবাৰো লক্ষ্য নকৰিলে নে দুয়োয়ে?