দুলীয়াজান, ১৬ অক্টোবৰ, ২০২৩ : ২.২৮ গ্ৰাম সন্দেহযুক্ত হেৰ’ইনসহ তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক (Three Drugs Paddler Arrested)। এক গোপন খবৰৰ ভিত্তিত চলিছিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানকালত আৰক্ষীয়ে এখন ছুইফট ডিজাইয়াৰ বাহন আৰু এখন স্কুটীও জব্দ কৰে। অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। প্ৰতিদিনে আৰক্ষীৰ জালত ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী পৰি আছে যদিও এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে ড্ৰাগছৰ বেহা।

উজনি অসমৰ বিভিন্ন প্ৰান্তত একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ বেহা চলাই আছে। বিশেষকৈ তিনিচুকীয়া জিলাত ড্ৰাগছৰ অবাধ প্ৰচলনে সচেতন মহলত উদ্বিগ্ন কৰি তুলিছে। ইয়াৰ মাজতে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানৰ ধাৰা অব্যাহত ৰাখিছে। এইবাৰ ড্ৰাগছ বিৰোধী অভিযান চলাই দুলীয়াজান আৰক্ষীয়ে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক সন্দেহ যুক্ত হেৰ’ইনসহ আটক কৰিবলৈ সক্ষম হৈছে।

দুলীয়াজানৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে। অভিযানকালত আৰক্ষীৰ দলটোৱে এএছ-০৬-আৰ-০৭৫১ নম্বৰৰ এখন ছুইফট ডিজাইয়াৰ বাহন আৰু এ এছ-০৬-ৱাই-৪৩৪০ নম্বৰৰ স্কুটীও জব্দ কৰিছে। দুলীয়াজানৰ অইল কলনিত অভিযান চলাই আৰক্ষীয়ে প্ৰাৰম্ভিক অৱস্থাত বৰুৱা তিনিআলিৰ ঋতুপণ বৰবৰাক আটক কৰে। ঋতুপণ বৰবৰাক জেৰা চলাই আৰক্ষীয়ে দুলীয়াজান থাপা বস্তিৰ চাহিল বাল্মীকি আৰু বিজুলীৰৰ প্ৰিয়ংছো বড়োক আটক কৰে।

আৰক্ষীয়েণড্ৰাগছ সৰবৰাহকাৰী তিনিজনৰ জিম্মাৰ পৰা ২.২৮ গ্ৰাম সন্দেহ যুক্ত হেৰ’ইন জব্দ কৰে। ঘটনাৰ সন্দৰ্ভত দুলীয়াজান আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯/৪২৭ ধাৰাত আৰ/ডব্লিউ চেকচন ২১(এ)/২৭ এন ডি পি এছ এক্টত ২৬০/২০২৩ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও দুলীয়াজান আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছে।