গুৱাহাটী, সংবাদ ৩৬৫,২৮ নৱেম্বৰ : গুৱাহাটী মহানগৰীত ফুটবল স্কুলৰ প্ৰথমটো কেন্দ্ৰ মুকলি । ইন্টাৰেনচনেল স্কুলৰ সহযোগত আৰম্ভ হয় এই কেন্দ্ৰটোৰ । ইন্টাৰেনচনেল স্কুলৰ সঞ্চালক মামণি ডেকাই নালাপাৰৰ ইন্টাৰেনচনেল স্কুলত আনুষ্ঠানিকভাৱে স্কুলখন উদ্বোধন কৰে ।

জিচিএফচিয়ে ফুটবল স্কুলৰ কেন্দ্ৰটো তৃণমূল পৰ্যায়ত ফুটবলৰ উন্নয়ন কাৰ্যসূচীৰ সম্প্ৰসাৰণ ঘটাই স্থাপন কৰে ।

প্ৰশিক্ষক বিতোপন সোণোৱাল আৰু আন প্ৰশিক্ষকসকলৰ অধীনত প্ৰশিক্ষণ লৈআছে মুঠ ৫০ টা ৪ বছৰৰ পৰা ১২ বয়সৰ শিশুৱে ।

চলিত জিজিবিএলত প্ৰতিযোগিতামূলক অভিজ্ঞতা অৰ্জনৰ বাবে শিশুসকলে জিচিএফচি ইউনিকৰ্নছ নামেৰে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷