দক্ষিণ শালমাৰা মানকাচৰ, সংবাদ ৩৬৫, ২৮ নৱেম্বৰ : বৃহস্পতিবাৰে পুৱতি নিশা সুখচৰ থানা এলেকাৰ হাজিৰহাটৰ ছোটো বজৰা গাৱঁত দুটা গভাইত মোবাইল চোৰ হাতে লুটে ধৰা পৰে।

মোবাইল চুৰি কৰি পলাই যাব লওঁতেই ধৰা পৰে চোৰ দুটা। চোৰ দুটাক ধৰা পেলাই চুলি কাটি পুলিচৰ হাতত গোটেই দিয়ে স্থানীয় ৰাইজে ।

উল্লেখযোগ্য যে দুটা মোবাইল চোৰে পুৱতি নিশা ছোটো বজৰা গাৱঁৰ বাসিন্দা মৌলানা আব্দুল গুফাৰ শেখৰ নামৰ লোকজনৰ ঘৰৰ পৰা দুটাকৈ মোবাইল চোৰ কৰি উধাও হ’ব লওঁতেই গৃহস্থই গম পাই চিঞৰ বাখৰ কৰে আৰু চুবুৰীয়া গোট খাই চোৰ দুটাক আটক কৰি আৰক্ষীক গটাই দিয়ে।

প্ৰাপ্ত খবৰ অনুসৰি চোৰ দুটা ক্ৰমে মাদানিৰ চৰ গাৱঁৰ বাসিন্দা ওমৰ ফাৰুক আৰু বৰবালু গাৱঁৰ বাসিন্দা মফিজ শেখ।