জনীয়া, সংবাদ ৩৬৫, ১৪ অক্টোবৰ : জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি নিজৰ নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপি দলৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ জনীয়াত হেলিকপ্টাৰযোগে উপস্থিত হয় প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

জনীয়া সমষ্টি কমিটিৰ সভাপতি গজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে। বেছি ক্ষমতা থকা আৰু ডাবল ভিটামিন থকা বিধায়কেহে ডেৰ বছৰত ৰাইজৰ কাম কৰিব পাৰিব।

মন্ত্ৰী শৰ্মাই আৰু কয় যে সাংসদ আব্দুল খালেকে কংগ্ৰেছ প্ৰাৰ্থী হৰাটোৱে বিচাৰে। কংগ্ৰেছৰ দিনত অসমত যিমান সংখ্যক সংখ্যালঘুৰ হত্যা হৈছে ভাৰতবৰ্ষৰ কতো হোৱা নাই। দালালি কৰিব নোৱাৰে দালালে কৈ থাকে বিজেপি মুছলিম বিৰোধী। চন্দ্ৰ-সূৰ্য্য থকালৈকে অসমত বিজেপি চৰকাৰ থাকি যাব।

অন্য দলৰ প্ৰাৰ্থীয়ে জিকিলে ভেন্সাৰ বিধায়ক হব আৰু তৌফিকুৰ ৰহমান জিকিলে টেণ্ডুলকাৰৰ নিচিনা ছেনচুৰী মৰা বেটছমেন হব বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।