গুৱাহাটী : সমগ্ৰ দেশৰ লগতে অসমতো গণেশ চতুৰ্থী উপলক্ষে উখল মাখল পৰিৱেশ। প্ৰচণ্ড শীতকো নেওচি মহানগৰী গুৱাহাটীৰ গণেশ মন্দিৰ সমূহত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক ভিৰ। গণেশ দেৱতাৰ আশীষ বিচাৰি গণেশ মন্দিৰ সমূহৰ বাহিৰত ভক্তপ্ৰাণ ৰাইজৰ দীঘলীয়া শাৰী।

ক’ভিডসৃষ্ট পৰিৱেশ আৰু বৰষুণৰ বাবে ধাৰলৈ নামি অহা প্ৰচণ্ড শীতৰ মাজতো মহানগৰী গুৱাহাটীত গণেশ চতুৰ্থীৰ ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণ ক’ভিড নীতি-নিৰ্দেশনা মানি গণেশ মন্দিৰ সমূহত আয়োজন কৰা হৈছে গণেশ পূজা। পুৱাৰ ভাগৰে পৰা গণেশ দেৱতাৰ আশীষ বিচাৰি গণেশ মন্দিৰ সমূহত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়।

গণেশগুৰিৰ গণেশ মন্দিৰ, লতাশিলৰ গণেশ মন্দিৰ, কাহিলিপাৰা আৰু লালগণেশৰ গণেশ মন্দিৰত পুৱাৰ পৰাই ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰি গণেশ দেৱতাক পূজা আগবঢ়াই। গণেশগুৰিৰ গণেশ মন্দিৰ আৰু লতাশিলৰ গণেশ মন্দিৰৰ বাহিৰত ভক্তপ্ৰাণ ৰাইজৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়।

ভক্তপ্ৰাণ ৰাইজে ধূপ-চাকি জ্বলাই গণেশ দেৱতাক পূজা-অৰ্চনা কৰি গণেশৰ দেৱতাৰ পৰা আশীষ বিচাৰি সকলো ধৰণৰ অমংগলৰ বিনাশ কৰি মংগল কামনা কৰে। গণেশ দেৱতা হৈছে হিন্দু ধৰ্মৰ সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। পাঁচজন প্ৰধান দেৱতাৰ অন্যতম দেৱতা ৰূপে গণ্য কৰা হয় গণেশ দেৱতাক। ভাৰতৰ সকলো ঠাইতে গণেশক পূজন কৰা হয়।

মহাৰাষ্ট্ৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত গণেশ পূজা জাতীয় উৎসৱ ৰূপে উদযাপিত কৰা হয়। পুৰাণৰ বিৱৰণ অনুসৰি ভগৱান শিৱ আৰু পাৰ্বতীৰ জ্যেষ্ঠ পুত্ৰ গণেশ আৰু কণিষ্ঠ পুত্ৰ কাৰ্তিক। গণেশৰ ৰূপ বিভিন্ন শাস্ত্ৰসমূহত বিভিন্ন প্ৰকাৰৰ, তথাপিও সকলোতে গণেশক গজমুণ্ড মনুষ্যাকাৰ দেৱতা বুলি জনা যায়।