মানকাচৰ : মানকাচৰৰ অসম-বাংলাদেশ সীমান্তত ৬ টাকৈ গৰুসহ গ্ৰেপ্তাৰ এজন। মানকাচৰৰ কুকুৰমাৰা চৰৰ অসম-বাংলাদেশ সীমান্তত ৬ টা চোৰাং গৰুসহ গ্ৰেপ্তাৰ এজন গৰু সৰবৰাহকাৰী। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই গৰুসহ গ্ৰেপ্তাৰ কৰে গৰু সৰবৰাহকাৰীজনক।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত অসম-বাংলাদেশ সীমান্তবৰ্তী কুকুৰমাৰা চৰত জিলা আৰক্ষীৰ সহযোগত মানকাচৰ আৰক্ষীৰ এটা দলে অভিযান চলাই ৬ টাকৈ চোৰাং গৰুসহ এজন গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়াৰ নেতৃত্বত চলিছিল এই অভিযান।

এক গোপন খবৰৰ ভিত্তিত জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়াই মানকাচৰ আৰক্ষীৰ এটা দলক লগতলৈ নিশা প্ৰায় ১ বজাত ভাৰত-বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলায়। অভিযানকালত সীমান্তবৰ্তী কুকুৰমাৰাৰ চৰৰ পৰা আৰক্ষীয়ে এজন গৰু সৰৰাহকাৰীক আটক কৰি ৬ টাকৈ গৰু জব্দ কৰে।

গৰু কেইটা লৈ সৰবৰাহকাৰীজন বাংলাদেশৰ ফালে গৈ থকা অৱস্থাত আৰক্ষীয়ে গৰু সৰবৰাহকাৰীজনক গৰুসহ গ্ৰেপ্তাৰ কৰে। কাঁইটীয়া তাঁৰৰ বেৰ কটা এটা যন্ত্ৰও গৰু সৰবৰাহকাৰীজনৰ পৰা উদ্ধাৰ কৰা হৈছে। ধৃত গৰু সৰবৰাহকাৰীজন মানকাচৰ থানাৰ অন্তৰ্গত পিপুলবাৰী বজাৰৰ জাই হুছেইন বুলি চিনাক্ত কৰা হৈছে।

প্ৰচণ্ড শীত আৰু কুঁৱলীৰ সুযোগ লৈ মানকাচৰৰ কুকুৰমাৰা চৰৰ ভাৰত-বাংলাদেশ সীমান্তৰে প্ৰায় প্ৰতিদিনে ঢেঁকীৰ সহযোগত গৰু সৰবৰাহকাৰীয়ে কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে। কুকুৰমাৰাৰ চৰৰ একাংশ কৃষকৰ খেতি বাতি নষ্ট কৰি গৰু সৰবৰাহকাৰীয়ে চোৰাং কাৰবাৰ চলাই থকাৰ এক লিখিত অভিযোগ কিছুদিন পূৰ্বে জিলা উপায়ুক্তক কৃষকে দাখিল কৰিছিল।