শিৱসাগৰ, সংবাদ ৩৬৫, ৩০ আগষ্ট : শুকুৰবাৰে পুৱতি নিশা শিৱসাগৰৰ গৌৰীসাগৰ হাতীঘুলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ পুৱতি নিশা নৈশ কৰ্তব্য সম্পন্ন কৰি ঘুৰি আহোতেই এখন বন বিভাগৰ জিপছী বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ৪জন বিষয়া-কৰ্মচাৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে দুগৰাকী গুৰুতৰভাৱে আহত হয়।

নিহতসকল ক্ৰমে চালক প্ৰিয়ম মেছ, ফৰেষ্ট গাৰ্ড বিপুল হাজৰিকা, নিজামউদ্দিন আহমেদ আৰু প্ৰশান্ত দত্ত ৷ আহত দুগৰাকী ক্ৰমে ৰেঞ্জাৰ বুবুল বৰুৱা আৰু আজিমউদ্দিন ৷

প্ৰাপ্ত তথ্য অনুসৰি শিৱসাগৰ বন সংমণ্ডলৰ পৰা বন বিষয়া-কৰ্মচাৰী কেইগৰাকীয়ে এএছ ০৪টি ৫১৩৭ নম্বৰৰ জিপছীখনেৰে নিশাৰে পৰা চোৰাং বালি সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাইছিল।আৰু বন বিভাগৰ অভিযানকালত ইতিমধ্যে বহু বালি ভৰ্তি ট্ৰাক জব্দ কৰা হৈছিল ।

ইফালে এই দুৰ্ঘটনাটোক একাংশই পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে । তেওঁলোকৰ মতে গধুৰ বাহনেৰে বন বিভাগৰ লোক কেইজনৰ বাহনখনক খুন্দিয়াই দুৰ্ঘটনাৰ ৰূপ দিছে ।