গুৱাহাটী, সংবাদ ৩৬৫, ৩১ আগষ্ট : প্ৰকাশ পালে চূড়ান্ত এন আৰ চিৰ । চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত হ’ল মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম । বাদ পৰিল ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম ।

উল্লেখযোগ্য যে নাগৰিকত্ব বিধি , ২০০৩ ৰ অধীনৰ পৰিশিষ্ট ৪ ( এ) ধাৰাৰ অধীনত সম্পন্ন হোৱা অসমৰ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া দেশৰ অন্যান্য অংশৰ বাবে প্রযোজ্য হোৱা বিধিৰ লগত নিমিলে । এই নিয়মাৱলী অসম চুক্তিৰ আধাৰত নিৰ্মিত ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ সময়সীমা অনুযায়ী কৰা হৈছে । এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৰাজ্য চৰকাৰৰ ৫২,০০০ হাজাৰ বিষয়া-কৰ্মচাৰী নিয়োজিত কৰা হৈছিল ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী যোগ্যতাৰ ভিত্তিত ২,৮৯,৮৩,৬৭৭ জন সদস্যৰ অন্তৰ্ভুক্তিৰে ৩০ জুলাই ২০১৮ ত সম্পূৰ্ণ খচৰা এন আৰ চি প্ৰকাশ কৰা হয় । আবেদনকাৰীৰ বিপৰীতে মুঠ ৩৬,২৬,৬৩০ জন ব্যক্তিৰ পৰা দাবী পত্ৰ পোৱা হয় । নাগৰিকত্ব বিধি ২০০৩ ৰ অধীনৰ পৰিশিষ্ট ধাৰা ৪(৩) বিধান অনুযায়ী সম্পূৰ্ণ খচৰা এন আৰ চিত অন্তৰ্ভুক্ত হোৱা ব্যক্তিৰ পৰীক্ষণ কাৰ্য্যকৰীকৰণ কৰা হয় । সম্পূৰ্ণ খচৰা এন আৰ চিত মুঠ ১,৮৭,৬৩৩ গৰাকী আবেদনকাৰীৰ নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি পোৱা যায় । অন্তৰ্ভুক্তিৰ অযোগ্য বিবেচিত ১,০২,৪৬২ গৰাকী সদস্যৰ নাম সন্নিবিষ্ট আন এখন অতিৰিক্ত খচৰা বাদ পৰা তালিকা ২৬ জুন ২০১৯ তাৰিখে প্ৰকাশ কৰা হয় । অন্তৰ্ভুক্তি হোৱা সদস্য সকলক সামৰি আৰু দাবী আৰু নিস্পত্তি কৰা তথা ৪(৩) ধাৰাৰ অধীনৰ ব্যৱস্থাৱলী কাৰ্যকৰী কৰাৰ পাছত ৩,১১,২১,০০৪ গৰাকী সদস্য চূড়ান্ত এন আৰ চিৰ বাবে যোগ্য বুলি বিবেচনা কৰা হয় আৰু দাবী দাখিল নকৰা সকলকে ধৰি মুঠ ১৯,০৬,৬৫৭ গৰাকীৰ নাম বাদ পৰে ।

এন আৰ চি সেৱা কেন্দ্ৰ, উপায়ুক্তৰ কাৰ্যালয় ,চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু ৱেবচাইট যোগে কাৰ্যালয় আৰু ৱেবচাইট যোগে লাভ কৰিব এন আৰ চিৰ এই চূড়ান্ত তালিকা উপলব্ধ হ’ব। দাবী আৰু ফলাফলত অসন্তুষ্ট হ’লে বিদেশী ন্যায়াধীকৰণত আপীল কৰিব পাৰিব।