গুৱাহাটী, সংবাদ ৩৬৫, ১ অক্টোবৰ : পৰম্পৰাগত যাতায়ত আৰু সৰবৰাহ ব্যৱস্থাৰ পৰা এখোজ আগবাঢ়ি, ম’বাইল ফোন ভিত্তিক এটি সৰবৰাহ এপ ‘মুওভাৰ’ৰ ৩০ছেপ্তেম্বৰ, ২০১৯ তাৰিখে আমবাৰী, গুৱাহটীস্থিত নেষ্টত শুভাৰম্ভ কৰা হয়। গায়িকা, মডেল আৰু অভিনেত্ৰী অৰুন্ধতী বৰাই এপ্ টোৰ শুভাৰম্ভ কৰাৰ উপৰিও মুখ্য অতিথিৰূপে শুভাৰম্ভ অনুষ্ঠানটিত আসনগ্ৰহন কৰে।

অনুষ্ঠানটি সন্দৰ্ভত মুওভাৰ প্ৰতিষ্ঠাতা শ্ৰীযুত পংকজ গগৈয়ে কয়, “মুওভাৰ মূলতঃ পৰম্পৰাগত যাতায়ত আৰু সৰবৰাহ ব্যৱস্থাৰ পৰিবৰ্তে উন্নতমানৰ স্থানীয় টেক্ছী সেৱাৰ যোগেদি আৰম্ভ কৰা হ’ব। মুওভাৰ ৱেবচাইটে ইতিমধ্যেই ছয়মাহৰ পৰা সেৱা আগবঢ়াই আহিছে যিয়ে সৰবৰাহৰ বাবে দৈনিক ৪-৫ বাৰকৈ যাত্ৰা সম্পূৰ্ণ কৰিছে।এপ্ টোৰ শুভাৰম্ভৰ যোগেদি আমি প্ৰতি সপ্তাহত ১০০ বাৰকৈ সৰবৰাহৰ যাত্ৰাৰ লক্ষ্য নিৰূপন কৰিছো।”

মুওভাৰৰ চি.অ.অ. শ্ৰীযুত ৰাহুল শৰ্মাই এপ্‌টোৰ সম্পৰ্কে কয়: “মুওভাৰ এক সৰবৰাহ এপ্‌ য’ত আমি ব্যক্তি তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ সৰবৰাহৰ সেৱা আগবঢ়াওঁ। এই এপ্‌টোৰ সেৱা কেৱল চহৰৰ ভিতৰতে আৱদ্ধ নহয়। ই আন্তঃ চহৰ সমূহৰ সৰবৰাহৰ প্ৰয়োজনীয়তা পূৰণৰ বাবেও উপযোগী। এপটোৰ পৰিচালনৰ নমুনাটো এনেদৰে তৈয়াৰ কৰা হৈছে যাতে পৰম্পৰাগত যাতায়ত আৰু সৰবৰাহ ব্যৱস্থাৰ তুলনাত এপটোৰ জৰিয়তে কৰা সৰবৰাহ কম খৰচী হয়।”