মানকাচৰ, ১৯ অক্টোবৰ, ২০২৩ : এই চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational Murder)। জোঁৱাইয়েকে হত্যা শাহুৱেকক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ। হত্যা কৰি শাহুৱেকৰ মৃতদেহ নিজ ঘৰৰ ভিতৰতে পুতি থোৱাৰ অভিযোগ জোঁৱাইয়েকৰ বিৰুদ্ধে। তিনিদিন পূৰ্বে জোঁৱাইয়েকৰ ঘৰলৈ আহিছিল শাহুৱেক। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। হত্যাৰ অভিযুক্ত জোঁৱাই বৰ্তমান পলাতক অৱস্থাত আছে যদিও অভিযুক্ত জোঁৱাইক বিচাৰি আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।

মানকাচৰৰ ওখৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। জোঁৱাইয়েকে হত্যা কৰি ঘৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে শাহুৱেকৰ মৃত্যুদেহ উদ্ধাৰ। এই হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কি কাৰণত জোঁৱাইয়েকে নৃশংসভাৱে শাহুৱেকেক এইদৰে হত্যা কৰি ঘৰৰ ভিতৰতে পুতি থলে জানিব পৰা হোৱা নাই যদিও পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ওখৰাবাৰী গাঁৱত জোঁৱায়েকে পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে শাহুৱেকক নৃশংসভাৱে হত্যা কৰি ঘৰৰ ভিতৰত পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মানকাচৰ থানাৰ অন্তৰ্গত উৰুৱামাৰি গাঁৱৰ জমিৰ উদ্দিনৰ পত্নী মজিমে খাতুন তিনি দিন পূৰ্বে ওখৰাবাৰী গাঁৱত জোঁৱাইয়েক মনোৱাৰ হুছেইনৰ ঘৰত আহিছিল। তিনিদিন পূৰ্বে নীতিনীয়েকক জোঁৱাই মনোৱাৰ হুছেইনৰ ঘৰৰ পৰা নিবলৈ অহাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল মজিমে খাতুন।

বিগত তিনিদিন ধৰি সন্ধানহীন হৈ থকা মজিমে খাতুনৰ কন্যা আমিনা খাতুনে ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে মানকাচৰ থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে লগে লগে তদন্ত আৰম্ভ কৰে মানকাচৰ থানাৰ আৰক্ষীয়ে। মানকাচৰ থানাৰ আৰক্ষীৰ এটা দল ওখৰাবাৰী গাঁওস্থিত মজিমে খাতুনৰ জোঁৱাই মনোৱাৰ হুছেইনৰ ঘৰত উপস্থিত হয় যদিও ঘৰত কোনো নথকাত আৰক্ষীৰ সন্দেহ ওপজে আৰু ঘৰৰ ভিতৰত তালাচী চলাই এটা কোঠাৰ ভিতৰত মাটিত কিবা পুতি থোৱা প্ৰত্যক্ষ কৰে। অৱশেষত আৰক্ষীয়ে মাটি খান্দোতে প্ৰকৃত ঘটনা পোহৰলৈ আহে।

মাটিৰ তলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মজিমে খাতুনৰ মৃতদেহ। হত্যাকাণ্ডৰ খবৰ বন জুইৰ দৰে বিয়পি পৰাত শ শ মানুহে ভিৰ কৰে মনোৱাৰ হুছেইনৰ ঘৰৰ সন্মুখত। আৰক্ষীয়ে মজিমে খাতুনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰে। হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও পৰিয়াল কেন্দ্ৰিক সংঘাতৰ ফলত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ইফালে বৰ্তমান পলাতক অৱস্থাত থকা মনোৱাৰ হুছেইন পুৰ্বেও এক হত্যাকাণ্ডৰ অভিযুক্ত বুলি জানিব পৰা গৈছে।